অসম

লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ফুটবল খেলুৱৈ বাচনি

প্ৰথম খবৰ, ধলপুৰ: লখিমপুৰ জিলা ক্ৰীড়া সন্থাই অনুৰ্ধৰ ১৩ বছৰ(ল’ৰা) আৰু অনুৰ্ধৰ ১৯ বছৰ(ছোৱালী)ফুটবল খেলুৱৈক জিলাৰ হৈ প্ৰতিনিধিত্ব কৰি প্ৰতিযোগিতাত অংশ গ্ৰহণ
কৰিবৰ বাবে জিলাখনৰ উপযুক্ত খেলুৱৈক নিৰ্ব্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

সেয়ে অহা ১৯ আগষ্ট ২০১৭ তাৰিখে দিনৰ ১বজাত লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত খেলুৱৈ সকলে উপযুক্ত বয়সৰ প্ৰমাণ পত্ৰলৈ খেলুৱৈৰ নিজা পোছাক আৰু সা-সামগ্ৰীৰ সৈতে যোগাযোগ কৰিবলৈ আহবান জনাইছে সন্থাৰ সহকাৰী সম্পাদক অৰূপ কুমাৰ দাসে। অধিক জানিবলৈ ৮৬৩৮৭ – ৬৪৭১৭ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহবান জনাইছে।

Related Articles

Leave a Reply

Close