অসম

লখিমপুৰ যুৱ ছাত্ৰ পৰিষদৰ অনশন স্থগিত, ৭ এপ্ৰিলত মুখ্য সচিব পৰ্যায়ত বৈঠক

প্ৰথম খবৰ, লখিমপুৰ: ৪০৫ মেগাৱাট ক্ষমতাসম্পন্ন ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবীত আৰু ২০০০ মেগাৱাট ক্ষমতাসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত ৩ জুলাইৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লখিমপুৰ ত্যাগক্ষেত্ৰত আৰম্ভ কৰা অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী সাময়িকভাবে স্থগিত ৰখা হৈছে। আজি বিয়লি ৪ বজাত এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ নেতৃত্বই। ৭ জুলাইত ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষ নীপকোৰ পৰা দাবী কৰা ক্ষতিপূৰণ সন্দৰ্ভত অসম চৰকাৰৰ মুখ্য সচিব পর্যায়ত হ’ব লগা আলোচনাৰ বাবে জিলা উপায়ুক্তৰ পৰা লাভ কৰা পত্ৰৰ ভিত্তিতে যুৱ ছাত্ৰ পৰিষদে অনশন কাৰ্যসূচী স্থগিত ৰখা বুলি প্ৰকাশ কৰি এই আলোচনা লখিমপুৰবাসীৰ অনুকুলে নগ’লে পুনৰ এই আন্দোলন জংগী ৰূপত গঢ়ি তোলা হ’ব বুলিও স্পষ্ট কৰি দিছে যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই। উল্লেখ্য যে, নীপকোৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানীয়ে ৯ আৰু ১১ জুলাইত লখিমপুৰৰ জৈনপুৰ আৰু বগলীজান অংশত ৰঙানদীৰ দুয়োপাৰৰ মথাউৰি চিগি সৃষ্টি কৰা বিভীষিকাৰ ক্ষতিপূৰণ আৰু নীপকোক নাকী লগোৱাৰ দাবীত পৰিষদৰ লখিমপুৰ জিলা সভাপতি সৌৰভ দাস আৰু সাধাৰণ সম্পাদক নিৰেন বৰুৱাই ৩ জুলাইৰ পৰা নিৰ্দিষ্টকালীন অনশন অব্যাহত ৰাখিছিল। আজি দুয়োকে মিঠাই আৰু ফলৰ ৰস খুৱাই অনশন কাৰ্যসূচী সামৰণি পেলায় নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমান চেতিয়াই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close