অসমলাফিকুলশীৰ্ষ

লাফিকুলৰ বিজেপিত যোগদান সন্দৰ্ভত প্ৰথম খবৰৰ বাতৰিৰ সত্যতা প্ৰমাণ কৰি খোদ লাফিকুলৰ ভাতৃৰ গুৰুত্বপূৰ্ণ স্বীকাৰোক্তি

হিল্লোল জ্যোতি তালুকদাৰৰ ৰিপোৰ্ট, প্ৰথম খবৰ: ছাত্ৰ নেতা লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ লগত ৰাজনৈতিক অভিসন্ধি জড়িত থকাৰ সম্ভাৱনীয়তা ক্ৰমাৎ ঘণীভূত হৈ পৰিছে। অসম বিজেপিৰ এগৰাকী শীৰ্ষ নেতাই লাফিকুলৰ বিজেপিৰ সৈতে থকা সু-সম্পৰ্কৰ কথা প্ৰথম খবৰৰ জড়িয়তে ৰাজহুৱা কৰাৰ পিছতে খোদ লাফিকুলৰ ভাতৃয়ে আগবঢ়াইছে গুৰুত্বপূৰ্ণ স্বীকাৰোক্তি।

ঘাতকৰ বলি হোৱা এবিএমছুৰ সভাপতিজনে বিজেপিত যোগদানেৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰিকল্পনা কৰিছিল বুলি তেওঁৰ ভাতৃয়ে সংবাদ মাধ্যমৰ আগত দিয়া বিস্ফোৰক স্বীকাৰোক্তিৰ পিছত লাফিকুল হত্যাকাণ্ডই আন এক মোৰ লৈছে। যি সময়ত সমগ্ৰ ৰাজ্যই লাফিকুলৰ হত্যাকাণ্ডৰ কাৰক হিচাপে অসম-বাংলাদেশৰ মাজত চলা অবৈধ গো-ব্যৱসায়কে অভিহিত কৰি আহিছিল সেই সময়তে প্ৰথম খবৰে পোন প্ৰথমে উন্মোচন কৰিছিল লাফিকুল হত্যাকাণ্ডৰ সম্পূৰ্ণ এক নতুন সম্ভাব্য দিশ।

প্ৰথম খবৰেৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অসম বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইনে পোন প্ৰথমবাৰৰ বাবে লাফিকুলৰ হত্যাকাণ্ডৰ কেতবোৰ ৰাজনৈতিক কাৰক জড়িত হৈ থকাৰ সন্দেব ব্যক্ত কৰিছিল। সমান্তৰালভাৱে লাফিকুলক বিজেপি দললৈ আদৰণি জনোৱাৰ প্ৰস্তুতিও সম্পূৰ্ণ কৰা বুলি অসম বিজেপিৰ শীৰ্ষ সংখ্যালঘু নেতাগৰাকীয়ে সদৰী কৰিছিল। ইয়াৰ পিছতে লাফিকুল ইছলামৰ ভাতৃয়েও নিহত লাফিকুল ইছলামৰ বিজেপি দলত যোগদানৰ পৰিকল্পনা আছিল বুলি মুকলিকৈ প্ৰকাশ কৰে।

আজি অসমৰ কেবাখনো আগশাৰীৰ বাতৰি কাকতত লাফিকুল ভাতৃৰ এই বিস্ফোৰক স্বীকাৰোক্তিয়ে শিৰোনাম দখল কৰাৰ পিছতে কালি প্ৰথম খবৰে পোন প্ৰথমে উন্মোচন কৰা লাফিকুলৰ হত্যাৰ আঁৰত ৰাজনৈতিক অভিসন্ধি জড়িত থকাৰ সম্ভাৱণীয়তাৰ কথাটো পুনৰবাৰ প্ৰতীয়মান হ’ল।

এতিয়া প্ৰশ্ন হয়, কালি বিজেপিৰ শীৰ্ষ নেতাই প্ৰথম খবৰৰে হোৱা আছুতীয়া সাংক্ষাৎকাৰত কংগ্ৰেছৰ আশীষপুষ্ট হৈয়ে এসময়ত বক্সিৰহাট আৰু শ্ৰীৰামপুৰ গেটত মাফিয়াৰাজ চলোৱা অবৈধ গো-ব্যৱসায়ীয়ে লাফিকুলক দিন দুপৰতে হত্যা কৰাৰ সাহস পোৱা বুলি উত্থাপন কৰা বিস্ফোৰক অভিযোগ যদিহে সত্য প্ৰমাণিত হয়, তেন্তে লাফিকুল ইছলামৰ হত্যাকাণ্ড ৰাজ্যৰ ৰাজনীতিৰ বাবে এক নিমিলা অংক হৈ পৰিব নেকি? অনাগত দিনত আউল লাগিব নেকি অসমৰ বিজেপি বিৰোধী শক্তিৰ ৰাজনৈতিক অংকত?

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close