অসম

লিডু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা গঠন

প্ৰথম খবৰ, লিডু: তিনিচুকীয়া জিলাৰ অন্যতম উল্লেখযোগ্য উচ্চ শিক্ষানুষ্ঠান লিডু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাখনি নতুনকৈ গঠন কৰা হয়। কালি অনুষ্ঠিত নিৰ্বাচনত শ্বাহিল আলীয়ে শতাধিক ভোটৰ ব্যৱধানত বিপ্লৱ কোৱৰক পৰাজিত কৰি সভাপতি ৰাজু শ্বাহে ৭০ টা ভোটৰ ব্যৱধানত সাগৰ চেত্ৰীক পৰাজিত কৰি সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়।

অন্যহাতে বিনা প্ৰতিদ্বন্দিতাৰে তেজ বাহাদুৰ চেত্ৰী উপ সভাপতি ৰোচন কুমাৰ উপাধ্যায় সহকাৰী সম্পাদক চম্পা শৰ্মা সাংস্কৃতিক সম্পাদিকা চাজিদ আলী বহিঃ ক্ৰীড়া সম্পাদক কামালুদ্দিন আন্তঃ ক্ৰীড়া সম্পাদক কে অনুশিখা সমাজ সেৱা সম্পাদিকা আৰু সঞ্জীৱ তপ্ন আলোচনী সম্পাদক হিচাপে মনোনীত হয়।

গুৰুত্বপূৰ্ণ কথা প্ৰায় ৬ শতাধিক ছাত্ৰ-ছাত্ৰী থকা আৰু ৩ শতাধিক ছাত্ৰ -ছাত্ৰীয়ে ভোটাধিকাৰ কৰা মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনটোত কোনো ৰাজনৈতিক -অৰাজনৈতিক সংগঠনৰ প্ৰভাৱ নাছিল। মাত্ৰ সাধাৰণ সম্পাদক শ্বাহ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আন্ঞ্চলিক সমিতিৰ সমাজ সেৱা সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

Related Articles

Leave a Reply

Close