অসম

শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি অএনজিচি, ৰূদ্ৰসাগৰত ভয়ংকৰ প্ৰদূষণ

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা প্ৰথম খবৰ: অএনজিচি খাৰুৱা তেল পৰিৱাহী পাইপৰ পৰা তেল নিৰ্গত হৈ ৰূদ্ৰসাগৰৰ জেৰেঙা পথাৰ, ৰূপহী, অাইলা অাদি অঞ্চল প্ৰদূষিত কৰাত এতিয়া যমৰ-যান্ত্ৰনা ভুগিব লগীয়া হৈছে স্থানীয় জনসাধাৰণে।পথাৰ কেইখনত কৃষকে সম্প্ৰতি খেতিৰ কথা ভাবিবই নোৱাৰা অৱস্থা পৰিণত হ’ল। বাৰিষা যোৱাৰ পাছতো এতিয়ালৈকে প্ৰদূষণমুক্ত কৰিব পৰা নাই বিভাগীয় কতৃপক্ষই। বানপানীত এই খাৰুৱা তেল নিৰ্গত হৈ স্থানীয় ঘৰবোৰত সোমোৱা লগতে স্থানীয় ৰাধিকানগৰ প্ৰাথমিক বিদ্যালয়তো তেল সোমাই প্ৰদুষিত কৰি পেলাইছে বিদ্যালয়খনৰ চৌহদ। যাৰ ফলত এতিয়া শিক্ষাৰ্থীসকলে দুৰ্ভোগ ভূগিবলগীয়া হৈছে।

স্থানীয় পশুপক্ষী জীৱনৰ লগতে জনসাধাৰণৰ জীৱনলৈও ভাবুকি কঢ়িয়াই অানিছে। এই নিৰ্গত হোৱা খাৰুৱাতেলৰ দুৰ্গন্ধই এই পৰিস্থিতিত অঞ্চলটোৰ বহুব্যক্তিয়ে এতিয়া জ্বৰ, মূৰ বিষ, মূৰঘুৰণি অাদিত অাক্ৰান্ত হ’ব লগা হৈছে। অএনজিচি এনে অমানৱীয়তা তথা অকমণ্যতাৰ দিশটোৰ ক্ষেত্রত স্থানীয় জাতীয় দলসংগঠনসমুহে মাত নমতা বিষয়টো তাৎপৰ্য বহন কৰিছে। কিহৰ স্বাৰ্থত স্থানীয় দল-সংগঠনে মৌনতা অৱলম্ব কৰিছে তাকলৈ অঞ্চলবাসীৰ লগতে ৰূদ্ৰসাগৰৰ সচেতনমহলে আচৰ্য প্ৰকাশ কৰিছে।

যোৱা বানত পানী লগত তেল মিহলি হৈ নষ্ট কৰি যোৱা মানুহৰ ঘৰ-দুৱাৰ লগতে ৰাধিকানগৰ প্ৰাথমিক বিদ্যালয়ক বিভাগীয় কৰ্তৃপক্ষই যি ক্ষতিপূৰণ দিম বুলি অাশ্বাস দিছিল সেইয়াও অাজিকোপতি দিয়া নহ’ল। তেলৰ দুগৰ্ন্ধময় পৰিৱেশৰ মাজতো এতিয়া পাঠগ্ৰহণ কৰিবলগীয়া হৈছে বিদ্যালয় খনৰ শিক্ষাৰ্থীয়ে। কাৰণ অাগত অাহি অাছে গুণোৎসৱ। যিটো সময়ত বিদ্যালয় সমুহ সম্পূর্ণ স্ব-পৰিবেশ সৃষ্টি কৰি গুণোৎসৱৰ বাবে সাজু হ’বলৈ চৰকাৰে অাহ্বান জনাইছে সেই সময়তে কিন্তু অ’এনজিচি কৰ্তৃপক্ষই এই বিদ্যালয়খনৰ প্ৰতিও ভাবুকি কঢ়িয়াই অানিছে।

কাৰণ এই তেলসমূহ পৰিস্কাৰ কৰাৰ কৰ্তব্যও দ্বায়িত্ব অএনজিচিৰে। অাৰু এই তেলসমুহ অতি সোনকালে যদি পৰিস্কাৰ নকৰে তেন্তে যিকোনো মুৰ্হূততে ভয়ংকৰ অগ্নিকাণ্ডত সংঘটিত হোৱা সম্ভাৱনা নুই কৰিব নোৱাৰি। সংকিত অঞ্চলবাসীয়ে অ’এনজিচিৰ এনে জনবিৰোধী অমনোযোগীতাৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক ওচৰত মুকলি দাবী জনাইছে স্থানীয় ভুক্তভোগী জনসাধাৰণে। অন্যথাই পৰিৱৰ্তনকামী ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনোৱাৰ লগতে এক গণতান্ত্ৰীক জোৰদাৰ আন্দোলন গঢ়ি তুলিব বুলি জানিবলৈ দিছে অঞ্চলবাসী জনগণে।

Related Articles

Leave a Reply

Close