অসম

শিৱসাগৰ নগৰত বিৰাজ কৰিছে দুৰ্গন্ধময় পৰিৱেশে

প্ৰথম খবৰ, শিৱসাগৰ: দেশৰ প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰতৰ ঘোষণা যে অসাৰ ই শিৱসাগৰ নগৰে প্ৰমাণ কৰিছে। শিৱসাগৰ পৌৰ কৰ্মীৰ ১১ মাহে দৰমহা নোপোৱাৰ প্ৰতিবাদত পৌৰ কৰ্মীৰ কৰ্ম বিৰতিয়ে সমগ্ৰ চহৰখন নৰকসদৃশ পুতি গোন্ধময় পৰিৱেশ সৃষ্টি কৰিছে।

যোৱা ২৪ আগষ্টৰ পৰা চলোৱা পৌৰকৰ্মীৰ অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ ফলত শিৱসাগৰ চহৰত সম্প্ৰতি অবৰ্ণনীয় জীৱন যাপন কৰিবলগীয়াত পৰিছে চহৰখনৰ নাগৰিকে। আজি সাতদিন ধৰি অতিক্ৰম কৰা পৌৰকৰ্মীৰ ধৰ্মঘটৰ ফলত চহৰখনৰ অলিয়ে গলিয়ে আৱৰ্জনাৰ দ’মে এতিয়া নগৰখনত দুৰ্গন্ধময় পৰিৱেশ বিৰাজ কৰিছে।

নগৰখনৰ দ লমূখ চাৰিআলি, কেন্দ্ৰীয় বজাৰ , আমোলাপট্টী, বাবুপট্টী মাৰোৱাৰীপট্টী, এ টি ৰোড , কেপি চাৰিআলি, বৰ্ডিং ৰোড আদি অঞ্চল সমুহৰ পথৰ কাষত আজি সাতদিনে জমা হোৱা জাবৰৰ দ’মে নগৰখনৰ এক কদৰ্য্যময় কৰি তোলাৰ উপৰি পৌৰ বৰ্ডে এন জি অ’ ৰ যোগে নগৰৰ জাবৰ আঁতৰোৱাৰ কাম কৰোৱাই যদিও এই জাবৰ নি শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ চৌহদৰ দেৱাল তথা পৌৰসভাৰ পানীযোগান আঁচনিখনৰ কাষত জমা কৰাত জাবৰৰ দ’মে এক অসহ্য যান্তনা ভোগিছে মহাবিদ্যালয়ৰ শিক্ষক, ছাত্ৰী আৰু বিষ্ণু দলত চলি থকা মাহযোৰা ভাদমহীয়া নামৰ ভকত বৈষ্ণৱে।

আজি এঘাৰ মাহে দৰমহা নোপোৱা পৌৰকৰ্মচাৰী সকলে যোৱা কালি অৰ্থাৎ ৩০ আগষ্টত পৌৰ কাৰ্যবাহী বিষয়া পৌৰপতিৰ বিষয়াগৰাকীৰ কাৰ্যালয়ৰ কক্ষত কৰা আলোচনাই কোনো ফল লাভ কৰিব নোৱাৰাত পৌৰকৰ্মীৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট বাহাল থাকে।

উল্লেখ্য যে চাফাই কৰ্মী সকলৰ পৰা আৰম্ভ কৰি পৌৰসভাৰ কাৰ্যালয়ৰ কৰ্মচাৰীলৈকে এই ধৰ্মঘটত অংশগ্ৰহণ কৰিছে। আনহাতে নগৰখনৰ কেইবাটাও ৱাৰ্ডতে খোৱা পানী আৰু পোহৰৰ ব্যৱস্থাটো কাম ইতিমধ্যে বন্ধ কৰা নাই বুলি ধৰ্মঘটকাৰীয়ে জানিবলৈ দিছে। বিশুদ্ধ খোৱা পানীৰ ক্ষেত্ৰত নগৰখনত সমস্যাৰ সন্মুখীন নহয় তাৰপতি আন্দোলনকাৰীসকলে গুৰুত্ব প্ৰদান কৰিব বুলি জানিব পৰা গৈছে । শিৱসাগৰ নগৰখনত বিভিন্ন শিতানত কেইবা কোটি টকাৰ ৰাজহ সংগ্ৰহ হোৱাৰ পাছতো পৌৰকৰ্মী সকলক পৌৰসভাই মাহিলি দৰমহা ১১ মাহকৈ দিব নোৱাৰা বিষয়টোৱে তাৎপৰ্য বহন কৰিছে। সম্প্ৰতি শিৱসাগৰ চহৰখন এক অৰাজকতাই বিৰাজ কৰি ৰসহ্যজনক দিশ উন্মোচন কৰিছে।

Related Articles

Leave a Reply

Close