অসম

শোণিতপুৰৰ জৰাজীৰ্ণ বাট-পথ নিৰ্মাণৰ দাবীত মুখ্যমন্ত্ৰীলৈ পত্ৰ কণমানি ছাত্ৰীৰ

প্ৰথম খবৰ, বালিপৰা: ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে শোণিতপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথকে আদি কৰি ঘাইপথ সংযোগী পথসমূহৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দীৰ্ঘদিনৰেপৰা ৰাইজে জ্বলা-কলা খাবলগীয়াত পৰিছে। জিলাখনৰ মাজেদি পাৰ হৈ যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মিছন চাৰিআলিৰপৰা বালিপৰা চেণ্টাৰ হৈ ধেমাজিলৈ আগবাঢ়ি যোৱা সদাব্যস্ত পথটোৰ অধিকাংশ ঠাইত পুখুৰীসদৃশ বিপদসংকুল গাঁতৰ সৃষ্টি হোৱা গাঁতসমূহ উপযুক্তভাৱে বিভাগে আজিপৰ্যন্ত মেৰামতি নকৰাৰ বাবে পথটোৱেদি দৈনিক হাজাৰ হাজাৰ যাত্ৰীবাহী, মালবাহী বাছ, ট্ৰাক, চাইকেলেৰে যাত্ৰা কৰিবগীয়া হৈছে।

লগতে পথটোৱেদি দৈনিক বহুসংখ্যক বিদ্যালয়ৰ কণ-কণ ছাত্ৰীয়ে বিদ্যালয়লৈ অহা-যোৱা কৰি আহিছে। আনকি ,সমগ্ৰ পথটোৰ দুৰৱস্থাৰ বাবে ইতিমধ্যে বহুকেইটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো আজিপৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথটো ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সন্থাৰ লগতে গড়কাপ্তানী বিভাগে আংশিকভাৱে মেৰামতি কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ ভূক্তভোগী ৰাইজ,আছুকে আদি কৰি সকলোৰে।

একেদৰে, শোণিতপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ঘাইপথ সংযোগী আটাইবোৰ পথৰ দুৰৱস্থাত অতিস্থ হৈ আজি শোণিতপুৰৰ চেইন্ট যোছেফ কনভেন্ট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী সৌভাঙ্গী সিনহাই পথসমূহত বিদ্যালয়লৈ যাত্ৰা কৰোঁতে ভূগিবলগীয়া দুৰ্ভোগৰ প্ৰসংগ উল্লেখ কৰি লগতে অনতিপলমে পথবোৰ মেৰামতিৰ অনুৰোধ জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু তাৰ প্ৰতিলিপি অসম আৰক্ষীৰ উত্তৰ সংমণ্ডলৰ সহকাৰী পৰিদৰ্শকলৈ প্ৰেৰণ কৰাৰ উপৰিও বালিপৰাৰ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে।

Related Articles

Leave a Reply

Close