অসম

সাংবাদিক ৰীমা শৰ্মাৰ মৃত্যুত পুৰণিগুদাম প্ৰেছ ক্লাৱৰ শোক

প্ৰথম খবৰ, পুৰণিগুদাম: বৈদ্যুতিন মাধ্যম “প্ৰাগ নিউজ”ৰ সাংবাদিক ৰীমা শৰ্মাৰ আকস্মিক মৃত্যুত পুৰণিগুদাম প্ৰেছ ক্লাৱে গভীৰ শোক প্ৰকাশ কৰিছে৷ পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সভাপতি তপন কটকী আৰু সম্পাদক দিব্যজ্যোতি ভূঞাই গভীৰ শোক প্ৰকাশ কৰি কয় উদীয়মান সাংবাদিক তথা জনপ্ৰিয় ঘোষিকাগৰাকীৰ অকাল মৃত্যু অসমৰ সংবাদ জগতৰ বাবে অপূৰণীয় ক্ষতি৷ ৰাজ্যৰ সংবাদ জগতে হেৰুৱালে এগৰাকী প্ৰতিভাশালী সাংবাদিক৷

পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সভাপতি-সম্পাদকৰ লগতে সমূহ সদস্যই সাংবাদিক ৰীমা শৰ্মাৰ বিদেহী আত্মাৰ চিৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close