অসম

স্বতন্ত্ৰ সেনানীলৈ প্ৰণাম জনাই মাজুলীত বিজেপি আৰু যুৱ মৰ্চাৰ জোঁৰ সমদল

প্ৰথম খবৰ, উজনি মাজুলী: মাজুলী জিলাৰ অন্তৰ্গত গৰমূৰত আজি বিয়লি ৬ বজাত মাজুলী জিলা বিজেপিৰ উদ্যোগত জিলা যুৱ মৰ্চাৰ সহযোগত ১৯৪২ ৰ ভাৰত ত্যাগ আন্দোলনৰ ক্ষন সোঁৱৰি জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুই শতাধিক যুৱকে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত
স্বাধীনতা সংগ্ৰামী অমৰ হওঁক, জাগিছিল দেশ, জাগিছে দেশ আৰু হ’ব নিদিও উপনিবেশ,
যুৱক যুৱতী আহিছোঁ ওলাই, দেশ মাতৃক সেৱা জনাই ,ভাৰত মাতা কি জয় , বন্দে মাতৰম আদি শ্ল’গান প্ৰদান কৰে। জোঁৰ সমদল কাৰ্যসূচীৰ শেষত যুৱ মৰ্চাৰ সভাপতি ৰঞ্জন মহন্ত আৰু জিলা বিজেপিৰ সভাপতি দীপক গোস্বামীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো কাৰ্যকৰ্তাই শলাগ লয় ।

Related Articles

Leave a Reply

Close