অসম

স্বাধীনতা দিৱসৰ পৰা বঞ্চিত এখন বিদ্যালয়

প্রথম খবৰ, লামডিং: উগ্ৰপন্থীৰ ভয়ৰ কাৰণ দেখুৱাই লামডিঙত স্বাধীনতা দিৱস পালন নকৰে এখন বেচৰকাৰী ইংৰাজী মাধ্যম বিদ্যালয়। হয় , হোজাই জিলাৰ লামডিঙৰ Don Bosco বিদ্যালয় আজি বহু বছৰ ধৰি উগ্ৰপন্থীৰ কূটাঘাটৰ ভয়ৰ কাৰণ দেখুৱাই বিদ্যালয়খনৰ সকলোৱে ছাত্ৰ-ছাত্ৰীক লৈ দেশৰ স্বাধীনতা দিৱস পালন নকৰে।

প্ৰতি বছৰৰ দৰে এই বছৰত  দেশৰ ৭১ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা নাই। যি সময়ত দেশৰ চৌদিশে সকলো বিদ্যালয় ত ছাত্ৰ-ছাত্ৰী সকলো স্বাধীনতা দিৱসৰ আনন্দ উপভোগ কৰিছে কিন্তু লামডিং Don Bosco বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী এই আনন্দৰ পৰা বঞ্চিত হৈছে। বিদ্যালয়খনৰ বহু অভাৱক অভিযোগ কৰে যে, আচলতে উগ্ৰপন্থীৰ কুটাঘাতৰ বাহানাত ছাত্ৰ-ছাত্ৰীৰ মাজত দেশপ্ৰেম নোহোৱাৰ বাবে এই খন ইংৰাজী মাধ্যম বিদ্যালয়ত সকলো ছাত্ৰ-ছাত্ৰীক স্বাধীনতা দিৱস উদযাপনৰ পৰা বঞ্চিত কৰি আহিছে।

প্ৰশ্ন হয় যদি লামডিঙৰ সকলোৱে চৰকাৰী বেচৰকাৰী বিদ্যালয় দেশৰ স্বাধীনতা দিৱস উদযাপন কৰিব পাৰে কিয় যোৱা বহু বছৰ ধৰি এইখন বিদ্যালয়ে স্বাধীনতা দিৱস উদযাপন পৰা ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি আহিছে ? লামডিঙৰ বিজেপি বিধায়ক শিবু মিশ্ৰ আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই খন বিদ্যালয়ৰ বিৰুদ্ধে কি ব্যৱস্থা ল’ব এয়া হ’ব লক্ষ্যণীয় ?

Related Articles

Leave a Reply

Close