অসম

স্বাধীনতা দিৱস উপলক্ষে মাৰাথন দৌৰ প্ৰতিযোগিতা

প্ৰথম খবৰ, মুৰফুলনি: স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি  ১৫ আগষ্টৰ দিনা ফলঙনি ডাকঘৰ চাৰিআলিত মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ফলঙনি ডাকঘৰ চাৰিআলি গাঁওৰক্ষী বাহিনীৰ সৌজন্যত আৰু বগীজান আৰক্ষী চকীৰ সহযোগত স্বাধীনতা দিৱসৰ দিনা পুৱা ৬ বজাত দৌৰ প্ৰতিযোগিতা আৰম্ভ হ’ব।

ডাকঘৰ চাৰিআলিৰ পৰা কৰতিপাৰ চাৰিআলি আৰু কৰতিপাৰ চাৰিআলিৰ পৰা ডাকঘৰ চাৰিআলিলৈ দূৰত্ব অতিক্ৰম কৰিব লাগিব বুলি নিৰ্ধাৰিত কৰি দিছে। লগতে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰা দুগৰাকী দৌৰবিদক সসন্মানেৰে পুৰষ্কৃত কৰা হ’ব। সেয়েহে সমূহ ৰাইজক উক্ত দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰূপক বৰাই আহ্বান জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close