অসম

সৰ্থেবাৰীত জ্বলিল ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি

প্ৰথম খবৰ,সৰ্থেবাৰী: বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ জাতি মাটি ভেটিৰ নতুন সংজ্ঞাই জ্বলাইছে অসম। সভাপতি ৰঞ্জিত দাসৰ এনে মন্তব্যত ক্ষোভিত হৈ আজি সৰ্থেবাৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ক্ষুব্ধ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই আজি সভাপতি ৰঞ্জিত দাসৰ প্ৰতিমুৰ্তি দাহ কৰি বিভিন্ন শ্লোগানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে। লগতে বিজেপিৰ সভাপতি ৰঞ্জিত দাসক প্ৰত্যাহ্বান জনাই কৃষক নেতা দণ্ডিনাথ বৰ্মনে কয় যে সাহস আছে যদি নাগপুৰত অসমৰ স্বনামধন্য ব্যক্তিৰ নামত বিদ্যালয় পাতি দেখুৱাওক।

Related Articles

Leave a Reply

Close