অসম

হাউলীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু: হত্যাৰ সন্দেহ

প্ৰথম খবৰ, বৰপেটাৰোড: বৰপেটাৰোডৰ সমীপৰ নিচুকাৰ ইব্ৰাহীম আলীৰ কন্যা ইয়াচমিনা খাতুনৰ প্ৰায় তিনি মাহ পূৰ্বে হাউলীৰ যোশীহাটীপাৰাৰ তোৱাজ উদ্দিনৰ পুত্ৰ মোজাফৰ আলীৰ লগত বিবাহ হৈছিল।

আজি দিনৰ প্ৰায় ১১ বজাত স্বামীৰ ঘৰৰ ফোন আহে ইব্ৰাহীমৰ পৰিয়াললৈ। তেওঁলোকে ফোন যোগে জনায় তেওঁলোকৰ ছোৱালী ইয়াচমিনাৰ আজি মৃত্যু হৈছে। তেতিয়া লগে লগে ছোৱালী জনীৰ পৰিয়ালৰ লোকে যোশীহাটীৰ জোৱায়েক মোজাফৰ আলীৰ ঘৰলৈ যায়। তেওঁলোকে তাত গৈ দেখিলে যে ইয়াচমিনাৰ ইতিমধ্যে মৃত্যু হৈছে আৰু তেওঁৰ আঘাতৰ চিন দেখা পায়। সেয়ে ছোৱালীজনীৰ পৰিয়ালে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে।

ইতিমধ্যে এই সংক্ৰান্তত হাউলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো পোষ্ট মৰ্টেম কৰাৰ ব্যৱস্থা কৰা হয়। পিছত সন্ধিয়া মৃতদেহটো দেউতাকৰ নিচুকাত থকা ঘৰলৈ আনি এক শোকাকুল পৰিৱেশত জনাজা সম্পন্ন কৰা হয়। আনহাতে ছোৱালীজনীৰ পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত বৰপেটাৰোড থানাই স্বামী মোজাফৰ আলীক আটক কৰি থানালৈ লৈ আনে।

Related Articles

Leave a Reply

Close