অসমবানপানী ২০১৭

হাতীমূৰা বান্ধ চিঙাত চিন্তিত নগঞাবাসী

প্ৰথম খবৰ, ননৈ: যোৱা নিশা প্ৰায় ২.৩০ বজাত হাতীমূৰা বান্ধ ভাঙি ফেনেফুটুকাৰে বাঢ়িছে নগঞা ৰাইজৰ বুকুৰ আপোন কলং। কথিত আছে যে যিদিনাই মহাবাহু ব্ৰহ্মপুত্ৰই হাতীমূৰীয়া বান্ধ ভাঙিব সেইদিনাই সমগ্ৰ নগাঁও চহৰৰ জলমগ্ন হৈ পৰিব আৰু ব্ৰহ্মপুত্ৰ ৰাংঢালী কপিলীৰ কাষ চাপিব । তেজাল তৰুণ হৈ ব্ৰহ্মপুত্ৰই কপিলীক সাবটি ল’ব।

অতীজৰে পৰা প্ৰচলিত এই প্ৰবাতক লৈ চিন্তিত হৈ পৰিছে সমগ্ৰ নগঞাবাসী। কলঙৰ পাৰে পাৰে নগঞা ৰাইজে পুৱাৰ পৰা এতিয়া লৈকে ভিৰ কৰিছে কলংৰ পাৰ। সংকিত নগাঁওবাসীক হাই এলাৰ্ট ঘোষণা কৰিছে নগাঁও জিলা প্ৰশাসনে।

 

Related Articles

Leave a Reply

Close