অসম

হাৰাঙ্গাজাওত অৱস্থান ধৰ্মঘট কাৰ্যসূচী

প্ৰথম খবৰ, নিউজ ব্যুৰ’: হাৰাঙ্গাজাওত ইষ্ট ওৱেষ্ট কৰিদোৰ এন এইচ ৫৪ (ই) হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীত শুকুৰবাৰে কংগ্ৰেছ দলৰ ফালৰ পৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লোৱা হয়। উক্ত ধৰ্মঘট কাৰ্যসূচীত অংশ গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰা, শিলচৰৰ সাংসদ সুস্মিতা দেৱ আৰু প্ৰাক্তন মন্ত্ৰী অজিত সিং, ডিমা হাচাও জিলা কংগ্ৰেছৰ সভাপতি প্ৰাক্তন ইএম নিৰ্মল লাঙঠাচা, জ্যেষ্ঠ কংগ্ৰেছ নেতা হামজানন লাঙঠাচাৰ লগতে বৰাকৰ একাধিক নেতা কৰ্মী। ডিমা হাচাও কংগ্ৰেছ আৰু কাছাৰ কংগ্ৰেছৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হয় এই ধৰ্মঘট। অৱস্থান ধৰ্মঘটত শতাধিক কংগ্ৰেছ নেতাকৰ্মী অংশ লয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, এন এইচ এ আই আৰু এন এইচ আই ডি চি এলৰ প্ৰতিমূৰ্তি দাহ কৰা হয়।
সাংসদ সুস্মিতা দেৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তীব্ৰ সমালোচনা কৰি কয় যে মোডী ডাঙৰীয়া আপুনি যোৱা তিনি বছৰত কিমান ইঞ্চি মহাসড়ক বনাবলৈ সক্ষম হৈছে ?
আনহাতে প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰায় কয় যে এয়া মহাসড়ক মহানৰকত পৰিণত হৈছে। বৰা ডাঙৰীয়াই কয় যে প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়া মিছা মাতৰ কাৰণে তেওঁক নবেল প্ৰাইজ দিব লাগে।

সাংসদদেৱে কয় যে মোডী চৰকাৰ মিছলীয়াৰ চৰকাৰ। তেওঁ প্ৰতিশ্ৰুতি দিয়াত ওস্তাদ। অৱশ্যে অহা মৰশুমত যদি ঘাইপথ সংস্কাৰ নহয় তেতিয়া এই আন্দোলন দিল্লীলৈ যাব।

Related Articles

Leave a Reply

Close