অসমশীৰ্ষ

হিন্দু বাংলাদেশীৰ দপদপনি নচলিব পুনৰ আক্ৰমন কৰিলে ৰক্তাক্ত হ’ব অসম

প্ৰথম খবৰ, জাজৰি: নগাওঁ চহৰৰ পানীগাঁও কালীবাৰী এম এচ দাস এণ্টাৰপ্রাইজ নামৰ ব্যৱসায়ীক প্রতিষ্ঠানত ২২ আগষ্টত প্রাক্তন আলফা সদস্যৰ এটা দলৰ ওপৰত ষড়যন্ত্রমূলক আক্ৰমনৰ ঘটনাক লৈ কালি নগাঁৱত উত্তাল পৰিস্থিতিৰ স্থিতি সৃষ্টি হয়।

আক্ৰমনকাৰী দলক কঠোৰ শাস্তি বিহাৰ দাবীত কালি খিলঞ্জীয়া যৌথ মঞ্চৰ উদ্যোগত নগাঁও চহৰত এক বিশাল প্রতিবাদী সমদল উলিয়াই। প্রতিবাদী সমদল আনুষ্ঠানিকভাবে উদ্বোধন কৰে আলফাৰ সভাপতি অৰবিন্দ ৰাখোৱাই।

প্রতিবাদকাৰীসকলে খিলঞ্জীয়াৰ ওপৰত দাদাগিৰি নচলিব, খিলঞ্জিয়াৰ অধিকাৰ সুৰক্ষিত কৰক, অনা অসমীয়া হুচিয়াৰ, আলফা জান্দাবাদ, বাঙালী গ’ বেগ আদি শ্লোগানেৰে নগাঁও ৰাজপথ উত্তাল কৰি তুলে।

 

নগাঁৱৰ বিভিন্ন স্থান পৰিভ্রমন কৰি প্রতিবাদী সমদলটোৱে নগাঁও জিলা উপাযুক্তৰ কাযার্লয়ৰ সন্মুখত অৱস্থান কৰে। প্রায় অর্ধ লক্ষাধিকলোকে প্রতিবাদ কৰি উপাযুক্তক জনাই যে, দোষীক উচিত শাস্তি বিহিব লাগে আৰু গ্ৰেপ্তাৰ হৈ থকা প্রাক্তন আলফা কেইজনক বিনাচর্ত্তে মুকলি কৰি দিব লাগে তাৰ পিছত হে পৰিস্থিতি নিয়ন্ত্রিত হ’ব অন্যথা অসম ৰক্তাক্ত হ’ব, ৰণাংগন হ’ব। তাৰ পাছতেই প্রাক্তন আলফা কেইজনক মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্রহন কৰাৰ পাছতেই পৰিষ্ঠিতি নিয়ন্ত্রিত হয়। এই কাণ্ডৰ লগত জড়িত অান এজন অভিযুক্ত ৰাজীৱ চক্ৰবৰ্ত্তীক অাৰক্ষীয়ে অাজি অাটক কৰিবলৈ সক্ষম হয়।

Related Articles

Leave a Reply

Close