অসম

হিমন্ত বিশ্ব শৰ্মা সদ্য প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱৰ শিলচৰ বাস গৃহত

প্ৰথম খবৰ,শিলচৰ: স্বাস্হ্য আৰু শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সদ্য প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱৰ শিলচৰ তাৰাপুৰস্হিত বাস গৃহলৈ গৈ তেওঁৰ প্ৰতিকৃতিত শ্ৰদ্ধা নিবেদন কৰে ৷ প্ৰয়াত দেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই হিমন্ত বিশ্ব শৰ্মাই শোক সন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰে ৷ শিলচৰৰ সাংসদ সুষ্মিতা দেৱ আৰু দেৱৰ পত্নী বীথিকা দেৱক সাক্ষাৎ কৰি হিমন্ত বিশ্ব শৰ্মাই দেৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে৷ পিছত সুষ্মিতা আৰু বীথিকাৰ সৈতে একান্ত বৈঠকত মিলিত হয় হিমন্ত বিশ্ব শৰ্মা৷ দেৱৰ মৃত্যুত ৰাজ্যৰ ৰাজনীতিত যথেষ্ট ক্ষতি হোৱা বুলি সদৰী কৰি হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে প্ৰয়াত সন্তোষ মোহন দেৱ আৰু হিতেশ্বৰ শইকীয়াৰ হাত ধৰিয়ে হিমন্ত ৰাজনীতিলৈ আহিছিল৷ ইয়াৰ পুৰ্বে ত্ৰিপুৰাৰ পৰা পোনে পোনে কুম্ভীৰগ্ৰাম বিমান কোঠাত অৱতৰন কৰি হিমন্ত বিশ্ব শৰ্মা শিলচৰ আৱৰ্ত ভৱনলৈ যায়৷ তাতে শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ ডা: শিল্পী ৰানী বৰ্মন আৰু অধীক্ষক এ কে বৈশ্যক মাতি ত্ৰিপুৰাৰ ৰোগী সকলক গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰ পিচত শিলচৰ বিজেপিয়ে দলীয় কাৰ্যালয়ত আয়োজন কৰা ৰাখি বন্ধন অনুষ্ঠানত অংশ লৈ গুৱাহাটীলৈ উভতি যায় হিমন্ত ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close