বিনোদন

হেপ্পী বাৰ্থডে গুত্থী

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : ডঃ মছহুৰ গোলাপী, ৰিংকু ভাবী আৰু গুত্থী নামৰ চৰিত্ৰ কেইটা কৰি ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰা কমেডিয়ান সুনীল গ্ৰোভাৰৰ আজি জন্মদিন। তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কৈছে যে দৰ্শক বা তেওঁৰ শুভাকাংক্ষীসকলে তেওঁক যেনেকৈ মিচ কৰিছে তেনেকৈ তেওঁৱো সকলোকে মিচ কৰিছে। কপিল শৰ্মাৰ লগত প্লেনত হোৱা শেহতীয়া কাজিয়াৰ পিছত লাইমলাইটত আহিব বিচৰা নাছিল সুনীল গ্ৰোভাৰে। কপিল আৰু সুনীলৰ কাজিয়াৰ সমাপ্তি ঘটাবলৈ বহুবাৰ চেষ্টা চলাইছে যদিও বৰ্তমানলৈ মুখামুখি হোৱা নাই দুয়োজন কমেডিয়ানে। সুনীলৰ ভাষ্য যে “কপিলৰ কাৰণে মোৰ মনত কোনো বেয়া ভাব নাই কিন্তু মই কোনো মিডিয়েটৰো বিচৰা নাই।”

Related Articles

Leave a Reply

Close