অসম

হোজাইত আৰক্ষীৰ অভিযান

প্ৰথম খবৰ, হোজাই: শুক্ৰবাৰে নিশা হঠাৎ চোৰাং চাউল বিচাৰি আৰক্ষীয়ে FCI ৰোডত চলালে অভিযান। হোজাইৰ FCI ৰোডত পার্ক কৰি ৰখা ট্ৰাকত ভাৰতীয় খাদ্য নিগমৰ চোৰাং চাউল থকা বুলি আৰক্ষীয়ে লাভ কৰিছিল তথ্য। সেই তথ্যৰ ভিত্তিত আৰক্ষীয়ে ট্ৰাকত উঠি এনেদৰে অনুসন্ধান চলালে চোৰাং চাউলৰ। আৰক্ষীৰ অনুসন্ধানত ধৰা পৰিল AS-11BC-6838 নম্বৰৰ ট্ৰাকত চোৰাং চাউল থকাটো। ইয়াৰ পাছত আৰক্ষীয়ে গাড়ীখনৰ চালক আৰু মালিকক খবৰ দিয়াত তেওঁলোক উপস্থিত হোৱাৰ পাছত গাড়ীখনত চলোৱা হ’ল তালাচী অভিযান।

সেইমতে গাড়ীত আৰক্ষীয়ে ১৬ বস্তা চোৰাং চাউল আৰু গাড়ী সহ মালিক দীনেশ কুমাৰ ৰায় আৰু চালক আত্তাৰ হুছেইনক আটক কৰি থানাত লৈ আনে। সম্প্ৰতি হোজাই আৰক্ষীৰ জিম্মাত থকা চালক আত্তাৰে তেওঁৰ অজ্ঞাতে চোৰাং চাউল সৰবৰাহকাৰীয়ে চাউলৰ বস্তাবোৰ গাড়ীত থৈ যোৱা বুলি মন্তব্য প্ৰদান কৰাৰ লগতে ভাৰতীয় খাদ্য নিগমৰ চাউল চুৰি ঘটনাত আন দুখন গাড়ীও জড়িত বুলিও ব্যক্ত কৰে।

অন্যহাতে গাড়ীখন জব্দ কৰি থানাত লৈ যোৱাৰ সময়ত গাড়ীৰ মালিক আৰু আৰক্ষীৰ মাজত তৰ্ক-বিতৰ্ক সূত্ৰপাত ঘটাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰো। ইফালে আৰক্ষীয়ে আটকাধীন চালক আৰু মালিকক সুধা পোছা অব্যাহত ৰখাৰ লগতে অইন দুখন গাড়ীৰ সন্ধানটো আৰম্ভ কৰিছে তদন্ত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close