অসমশীৰ্ষ

হোজাইত এখন ট্ৰাক সহ তিনি দুৰ্ধৰ্ষ ডকাইত কৰায়ত্ত

প্ৰথম খবৰ, হোজাই: হোজাই নীলবাগান আৰু ডবকাত আৰক্ষীয়ে হোজাই ৫৪ ৰাষ্ট্ৰীয় ঘাই পথত নিশা পৃথকে পৃথকে অভিযান চলাই এখন ট্ৰাক সহ তিনি দুৰ্ধৰ্ষ ডকাইতক কৰায়ত্ত কৰে হোজাই আৰক্ষীয়ে। সম্পূৰ্ণ দুঘণ্টা জোৰা অভিযানত এইখিয়ে তিনি জাৰি গুলী নিক্ষেপ কৰিব লগা হয়। যাৰ ফলত ট্ৰেকৰ চকা ফুটি যোৱাত, ট্ৰাক খনত থকা ৮ জন চোৰ ভিতৰত ৫ জন এন্ধাৰৰ সুযোগ লৈ পলাই যায় আৰু তিনিজনক আৰক্ষীয়ে আটক কৰে।

ধৃত ডকাইত কেইটা নলবাৰী জিলাৰ মুকালমোৱা থানাৰ চাউলধোঁৱাৰ অঞ্চলৰ বাৰেক আলী, ধনেশ আলী আৰু সুকনালাল আলী।

উল্লেখ্য যে, ধৃত ডকাইত কেইটাৰ আঠ জনীয়া এটা দলে কাৰ্বি আংলং জিলাৰ হাৰুঘাত পৰা বেটাৰী চুৰি কৰি হোজাই জিলাত প্ৰৱেশ কৰি অপৰাধজনিত ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা কৰা বুলি হোজাই আৰক্ষীয়ে এক গোপন সূত্ৰত জানিব পাৰি মাজনিশাৰ পৰা অভিযান চলাই নিচেই পুৱা তিনি ডকাইতৰ সৈতে এখন গাড়ী আটক কৰা লগতে তিনিও জনক গ্ৰেপ্তাৰ কৰে যদিও বাকী কেইজন পলায়ন কৰে। পৰৱৰ্তী ধৃত ডকাইত কেইটাক হোজাই থানাত লৈ অনাৰ পাছত চলোৱা হয় জেৰা।

জেৰাত পোহৰলৈ আহে গাড়ীৰ ভিতৰত আন এটা গোপন চেম্বাৰ থকাৰ কথা। সেইমতে আৰক্ষীয়ে গাড়ীখনত তন্ন তন্নকৈ তালাচী চলাই গোপন চেম্বাৰৰ ভিতৰৰ পৰা ৪৯ টা টাৱাৰৰ বেটাৰী সৈতে এটা পিষ্টল, চাৰিজাই থ্ৰীনট থ্ৰী সজীৱ গুলী, পাঁচটা মোবাইল, তিনিটা ATM, নগদ ১ লাখ ২ হেজাৰ ৬০০ টকা সহ আৰু চুৰিত ব্যৱহৃত অন্যান্য বহু সা সৰঞ্জাম উদ্ধাৰ কৰে। ইফালে ধৃত ডকাইত কেইটা গঁড় হত্যাটো জড়িত থকাৰ সন্দেহ কৰা হৈছে।সম্প্ৰতি হোজাই আৰক্ষীৰ জিম্মত থকা ধৃত ডকাইত কেইটাক আৰক্ষীয়ে জেৰা অব্যাহত ৰখাৰ লগতে বাকী সদস্য বোৰকো কৰায়ত্ত কৰিবলৈ আৰম্ভ কৰিছে তদন্ত।

Related Articles

Leave a Reply

Close