অসম

২০ বছৰত মেৰামতি নোহোৱা এটা পথ

প্ৰথম খবৰ, কামপুৰ: আপুনি সাৱধান হওক, বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলী বামুনী পথৰে যাতায়াত কৰোতে। হয়তু আপোনাৰ ককাঁল, দাঁত, মুখ ভাঙি যাব পাৰে। কাৰণ কঠিয়াতলী বামুনী সংযোগী এই ১০ কিমি দৈৰ্ঘ্যৰ পথচোৱাত থকা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতত আপুনি কেতিয়াবা ককবকাই থাকিব পাৰে। হয়, ২০ বছৰে মেৰামতি নোহোৱাকৈ থকা এটা পথক লৈ সমস্যাত পৰিছে বঢ়মপুৰবাসী।

পথটো বৰ্তমান ভাঙি চুৰমাৰ হৈছে। সমগ্ৰ পথচোৱাতে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত গাড়ী মটৰ চলা-চল বন্ধ হৈ পৰিছে। পূৰ্ব্বে পথৰ দূৰৱস্থাৰ বাবে কেইবাটাও দূৰ্ঘটনা সংঘটিত হৈছে । কেইবাজনো লোক মৃত্যু মুখত পৰা লগতে বহুকেইজন চিৰ ঘূনীয়া হৈছে। তথাপিও কানসাৰ নাই সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে চৰকাৰৰ।

বঢ়মপুৰ সমষ্টিৰ ৬ টা কাৰ্যকালৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই সমষ্টিটোৰ এই গুৰুত্বপূৰ্ণ পথচোৱাৰ মেৰামতিৰ ক্ষেত্ৰত চকুমুদা কুলিৰ ভাওঁ লোৱাত ধিক্কাৰ দিছে সকলোৱে । পৰিৱৰ্তনৰ চৰকাৰখনে কিবা ভূমিকা লবনে ?এই প্ৰশ্ন এতিয়া বঢ়মপুৰ সমষ্টিবাসীৰ।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close