অসম

৪৬ নং ৰাজ্যিক ঘাইপথ নিৰ্মাণৰ দাবীত ৮ টা ছাত্ৰ সংগঠনৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

প্ৰথম খবৰ, দুধনৈ: দুধনৈ চাৰিআলিৰ পৰা মাটিয়া হৈ সৈনিক স্কুলৰ মাজেৰে গোৱালপাৰা পঞ্চৰত্নলৈ যোৱা ৪৬নং ৰাজ্যিক ঘাইপথ অতি সোনকালে নিৰ্মাণৰ দাবীত আজি গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আন ৭টা ছাত্ৰ সংগঠনে আজি দুধনৈ চাৰিআলিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰে। আছু, আৰ্ছু, আবছু, আগছু, বি ৱাই এচ এফ, আক্ৰাছু, দুধনৈ কলেজৰ ছাত্বিৰ একতা সভা, ভিন্ন দল সংগঠনৰ বিষয়ববীয়া আৰু ৰাইজে একত্ৰিত হৈ অসম চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষ নিৰ্মাণৰ লগত জড়িত নিৰ্মানকাৰী সংস্থাক অতি সোনকালে দুধনৈ চাৰিআলিৰ পৰা পঞ্চৰত্নলৈ থকা পথচোৱা নিৰ্মান কৰি যাতায়াতৰ সুচল কৰি দিবলৈ দাবী জনায়। প্ৰায় হেজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন শ্লোগানেৰে দুধনৈৰ আকাশ বতাহ মুখৰিত কৰি তোলাৰ ফলত প্ৰায় ৪০ মিনিটৰো অধিক সময় ৰাষ্ট্ৰীয় ঘাইপথেৰে যান-বাহন চলাচল বন্ধ হৈ পৰে। শেষত দুধনৈ ৰাজহ চক্ৰবিষয়াৰ জৰিয়তে ৮ টা ছাত্ৰ সংগঠনৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰ জিলা উপায়ুক্ত কাৰ্যালয়লৈ প্ৰেৰণ কৰা হয়।

Related Articles

Leave a Reply

Close