অসম

ৰঙিয়াত ঝুলন যাত্ৰাত চিলনী চোৰৰ সন্ত্ৰাস

প্ৰথম খবৰ, ৰঙিয়া: ৰঙিয়া নগৰত চলি থকা ঐতিহ্য মণ্ডিত ৰাধা-কৃষ্ণৰ ঝুলন যাত্ৰা মহোৎসৱত চিলনী চোৰে সন্ত্ৰাস সৃষ্টি কৰিছে৷ ঝুলন যাত্ৰা উপভোগ কৰি গৃহাভিমুখী হোৱা ৰঙিয়াৰ ৫ নং ৱাৰ্ডৰ এগৰাকী ভক্ত উপাধিৰ মহিলাৰ ডিঙিৰ পৰা আজি নিশা দুই বাইক আৰোহী চিলনী চোৰে সোণৰ হাৰ থপিয়াই উধাও হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঝুলন যাত্ৰা মহোৎসৱৰ আঁৰ লৈ দুৰ্বৃত্তৰ দলে এইদৰে সন্ত্ৰাস চলোৱাত স্বাভাৱিকতে নগৰখনত আতংকই বিৰাজ কৰিছে ৷ ঘটনাৰ লগে লগে  দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও চোৰৰ সন্ধান উলিওৱাত ব্যৰ্থ হয়।

Related Articles

Leave a Reply

Close