অসমশীৰ্ষ

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ

প্ৰথম খবৰ, কৃষ্ণাই: স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভাৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ নিকটৱৰ্তী পশ্চিম দায়ৰংস্থিত নিজ বাসগৃহত নিশা কোনো অচিন দুৰ্বৃত্তই আক্ৰমণ চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

নিশা মটৰ চাইকেলেৰ অহা চাৰি পাঁচজনীয়া দুৰ্বৃত্তৰ দলটোয়ে অতৰ্কিতে চলোৱা এই আক্ৰমণত ৰাভাৰ বাসগৃহটোৰ দুৱাৰ খিৰিকিৰ আইনা ভঙাৰ লগতে বাসগৃহটোৰো বিস্তৰ ক্ষতিসাধন হয়৷ সমাজৰ প্ৰতি দায়বব্ধ তথা অতি নিৰ্জু প্ৰকৃতিৰ লোকজনৰ বাসগৃহত চলোৱা এই আক্ৰমণত হতভম্ব হৈ পৰিছে স্বয়ং অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভা৷

কোনো লোকৰ সৈতে শত্ৰুতা নথকাৰ পাছতো কোনে আৰু কিয় চলালে এই আক্ৰমণ সেই লৈ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোতে৷ এয়া ৰাজনৈতিক শত্ৰুতা নে ব্যক্তিগত শত্ৰুতা সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই৷ তৰুণ চন্দ্ৰ ৰাভাই ঘটনা সন্দৰ্ভত ইতিমধ্যে কৃষ্ণাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ৰাভাৰ গৃহত আক্ৰমণ চলোৱা সামগ্ৰী শিল ইটা আদি জব্দ কৰি তদন্ত আৰম্ভ কৰিছে৷ অৱশ্যে এতিয়ালৈকে দুৰ্বৃত্তক কৰায়ত্ব কৰিব পৰা নাই আৰক্ষীয়ে৷ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষৰ বাসগৃহত চলোৱা এই আক্ৰমণৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ জিলাখনতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

স্থানীয় ৰাইজৰ দাবী দোষীক অতি সোনকালে চিনাক্ত কৰি কঠোৰ শাস্তি বিহিব লাগে৷ উল্লেখ্য যে, অধ্যক্ষ ৰাভাক প্ৰশাসনৰ পৰা নিৰাপত্তাৰ বাবে এজন পি এছ অ’ প্ৰদান কৰা হৈছিল যদিও বিধান সভা নিৰ্বাচনৰ সময়ত প্ৰশাসনে সেয়া বাতিল কৰিছিল৷ আজিৰ ঘটনাৰ পাছতে জিলা প্ৰশাসনে ৰাভাক নিৰাপত্তাৰক্ষী দিয়াৰ কথা চিন্তা-চৰ্চা কৰা বুলি জানিব পৰা গৈছে৷

Related Articles

Leave a Reply

Close