অসমশীৰ্ষ

ৰূপজ্যোতিৰ হুংকাৰ ৰে’ল মন্ত্ৰীক

প্ৰথম খবৰ, মৰিয়নি: ৰে’ল নগৰী হিচাপে বিখ্যাত মৰিয়নিত উত্তৰ পূব সীমান্ত ৰে’লৱে এটা ডিজেল ছেদৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। প্ৰায় ৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ছেদটোৰ কাম ইতিমধ্যে প্ৰায় সম্পূর্ণ হৈ উঠিছে বিগত কিছু মাহ পূৰ্বে। কিন্তু ৰাজনৈতিক মেৰপাছত পৰি এই ছেদটোৰ একাংশ যন্ত্ৰ পাতি ৰে’ল বিভাগে গোপনে অন্য ঠাইলৈ হস্তান্তৰ কৰি মৰিয়নিৰ ছেদটো বন্ধ কৰিবলৈ  যা-যোগাৰ চলাইছিল। কিন্তু মৰিয়নিৰ স্থানীয় ৰাইজ তথা দল সংগঠন আৰু ৰূপজ্যোতি কুর্মীৰ তৎপৰতা ৰে’ল অৱৰোধ কৰি এক প্ৰতিবাদী জংগী আন্দোলন গঢ়ি তুলিছিল বিগত মাৰ্চ মাহত।

ৰে’ল কর্তৃপক্ষই প্ৰতিবাদকাৰীৰ প্ৰতিবাদৰ ওচৰত হেও মানি ডিজেল ছেদতো মৰিয়নিৰ পৰা উঠাই নিয়া নহয় তথা এমাহৰ ভিতৰত ডিজেল ছেদ পূৰ্ণাঙ্গ ৰূপে আৰম্ভ কৰিব বুলি লিখিত প্ৰতিশ্ৰুতি দিছিল। বিভাগীয় কৰ্তৃপক্ষৰ লিখিত প্ৰতিশ্ৰুতিৰ ৭মাহ পাৰ হোৱাৰ পাছতো ডিজেল চেদত কোনোধৰণ কাম আৰম্ভ নোহোৱাত আজি মৰিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এক সংবাদমেল সম্বোধন কৰি ৰে’ল মন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰে।

বিধায়কে লগতে জনায় যে, ৰে’ল বিভাগে  গোপনে পুনৰ ডিজেল ছেদটো মৰিয়নিৰ পৰা উঠাই নিয়াৰ চেষ্টা চলাই আছে। মৰিয়নিৰ ডিজেল ছেদ কেতিয়াৰ পৰা পূৰ্ণাঙ্গৰূপে আৰম্ভ হ’ব সেই তাৰিখ বিচাৰি বিধায়কগৰাকীয়ে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী সুৰেছ প্ৰভুক ২৪ ঘণ্টাৰ সময় বান্ধি দিয়াৰ কথা সংবাদমেল যোগেদি জানিব দিয়ে। যোৰহাট জিলা উপায়ুক্তৰ জৰিয়তে ৰে’ল মন্ত্ৰী গৰাকীক এই সন্দৰ্ভত স্মাৰক প্ৰদান কৰে যদিও উপায়ুক্ত গৰাকীৰ অনুৰোধত সময় সীমা  ৭২ ঘণ্টালৈ বৃদ্ধি কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close