অসম

ৰূপসী শিক্ষা খণ্ডত বিদ্যালয় পৰিচালনা সমিতিৰ নিৰ্বাচনত শৈক্ষিক পৰিৱেশ বিনিষ্ট

প্ৰথম খবৰ, মইনবড়ী: বৰপেটা জিলাৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত বিভিন্ন সমল কেন্দ্ৰৰ সমন্বয়কসকলে  বিদ্যালয় পৰিচালনা সমিতিৰ নিৰ্বাচন অনুষ্ঠিত কৰাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কলগাছিয়া সমল কেন্দ্ৰৰ অন্তৰ্গত ১২৯২ নং গুনিয়ালগুৰি প্ৰাথমিক বিদ্যালয়ত সমন্বয়ক মহম্মদ আলীয়ে বিদ্যালয়ৰ পৰিচালনা সমিতি গঠন কৰাৰ নামত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ছলেৰে অবৈধভাৱে দুজনকৈ সভাপতি পদৰ প্ৰাৰ্থীৰ পৰা ১০ হেজাৰ টকাকৈ সংগ্ৰহ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে।

পাছত উক্ত ঘটনা  সংবাদ মাধ্যমৰ জড়িয়তে পোহৰলৈ অহাৰ  পাছতেই ৰূপসী শিক্ষ খণ্ডৰ শিক্ষা বিষয়া পৰেশ চন্দ্ৰ শৰ্মা  আৰু শিক্ষা খণ্ডটোৰ খণ্ড সমন্বয়ক আলম খানে ততাতিয়াকৈ উক্ত বিদ্যালয়ৰ নিৰ্বাচন বন্ধ কৰি দিয়ে যদিও সমন্বয়ক মহম্মদ আলীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যাৱস্থা গ্ৰহণ নকৰাৰ সময়তে সম্প্ৰতি বলাইপাথাৰ সমল কেন্দ্ৰৰ অন্তৰ্গত ৫৮৩ নং দেউকুৰা ছোৱালী প্ৰাথমিক বিদ্যালয়তো অনুৰূপ ঘটনা সংঘটিত হৈছে।

প্ৰাপ্ত অভিযোগ  মতে, বলাইপাথাৰ  সমল কেন্দ্ৰৰ সমন্বয়ক হেফজুৰ ৰহমানে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ছলেৰে দুজনকৈ প্ৰাৰ্থী ক্ৰমে আব্দুল খালেক আৰু ইউনুছ আলীৰ পৰা খৰচৰ বাবদ পোন্ধৰশ টকাকৈ সংগ্ৰহ কৰি বিধান সভা বা পঞ্চায়ত নিৰ্বাচনৰ লেখীয়াকৈ পৰিৱেশ গঢ়ি দি শৈক্ষিক পৰিৱেশ বিনিষ্ট কৰাৰ অভিযোগ শিক্ষা সচেতন ৰাইজে।

ইফালে বলাইপাথাৰ সমল কেন্দ্ৰৰ  সমন্বয়কে দুয়োগৰাকী  প্ৰাৰ্থী ক্ৰমে আব্দুল খালেকৰ টেবুলৰ প্ৰতীক চিহ্নৰ আৰু ইউনুছ আলীৰ মাছৰ প্ৰতীক চিহ্নৰ বেলট পেপাৰ উলিয়াই দিয়াত প্ৰাৰ্থীসকলে অভিভাৱকৰৰ ঘৰে ঘৰে গৈ বেলট পেপাৰ বিলাই থকাৰ উপৰি সম্প্ৰতি বিদ্যালয় পৰিচালনা সমিতিৰ নিৰ্বাচন ৰাজনৈতিক দলৰ নিৰ্বাচনত পৰিগণিত হোৱাৰ অভিযোগৰ লগতে এজন প্ৰাৰ্থীয়ে ব্যাপক ধনৰ লেন-দেন কৰি ভোট কিনাতো নামি পৰিছে বুলিও একাংশ অভিভাৱকে অভিযোগ কৰিছে।

এই ক্ষেত্ৰত খণ্ড সমন্বয়ক আলম খানক  অভিযোগ কৰাত সমন্বয়ক হেফজুৰ ৰহমান আৰু প্ৰধান শিক্ষক যদু ৰাম নাথে প্ৰাৰ্থীৰ পৰা খৰচৰ বাবদ অবৈধভাৱে সংগ্ৰহ কৰা ১৫ শ টকা ঘূৰাই দিয়ে যদিও ৰাজনৈতিক দলৰ নিৰ্বাচনত পৰিগণিত হোৱা বিদ্যালয় পৰিচালনা সমতিৰ নিৰ্বাচন অনুষ্ঠিত কৰি শৈক্ষিক পৰিৱেশ বিনিষ্ট হোৱা নিৰ্বাচন বন্ধ নকৰাত ক্ষুব্ধ হৈ পৰিছে সচেতন ৰাইজে।

বিদ্যালয় পৰিচালনা সমিতিৰ  নি্ৰ্বাচনত হেজাৰ হেজাৰ টকা খৰচ কৰি সভাপতি হোৱাৰ ৰহস্য কি? তাক লৈ সচেতন ৰাইজৰ মাজত এশ এবুৰি প্ৰশ্ন। বিদ্যালয় পৰিচালনা সমিতিৰ নিৰ্বাচন পাতি প্ৰাৰ্থীক হেজাৰ হেজাৰ টকা খৰচ কৰোৱা ৰূপসী শিক্ষাখণ্ডৰ সমন্বয়কসকলৰ বিৰুদ্ধে  শিক্ষা বিষয়া পৰেশ চন্দ্ৰ শৰ্মা আৰু খণ্ড সমন্বয়ক আলম খান ব্যাৰ্থ হোৱাত জিলা উপায়ুক্ত তথা শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে ৰাইজে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close