অসম

ৰূপহীহাটৰ কৃত্ৰিম বানপানী সৃষ্টি কৰা অবৈধ বান্ধৰ বিৰুদ্ধে অভিযান ৰূপহী ৰাজহ চক্ৰ বিষয়াৰ

প্ৰথম খবৰ, ৰূপহীহাট: ৰূপহী ৰাজহ চক্ৰ এলেকাত কৃত্ৰিম বানপানীত ডুৱ গৈছে শতাধিক গাঁও। যাৰ ফলত ৰাইজে অবৈধভাৱে বন্ধ কৰি ৰখা কেইবাটাও বান মুকলি কৰাৰ কাৰণে তীব্ৰ প্ৰতিবাদ কৰিছিল।

একাংশ ৰাইজে ৰূপহী ৰাজহ চক্ৰ বিষয়াৰ জুমুঠি ও দাহ কৰিছিল। পিছত ৰূপহী ৰাজহ চক্ৰ বিষয়াই জুৰীয়া আৰু ৰূপহী আৰক্ষীৰ সহযোগত চক্ৰ এলেকাৰ বিভিন্ন গাঁৱৰ প্ৰায় ৫০ টা কাৰ্লভাট মুকলি কৰি দিয়ে। ফাকলি গাঁৱত সোনাই নদীৰ ওপৰত কোনো দলং মানচিত্ৰ( মেপ)ত নাই যদিও দলংৰ লগতে যিটো বান্ধ আছে সেই বান্ধ টো কাটিবৰ কাৰণে চেষ্টা অব্যহত ৰাখিছে চক্ৰ বিষয়াই। সেই মাটি ম্যাদি পট্টাৰ মাটি হোৱাত মাটিৰগৰাকী পৱিত্ৰ মক্কাত হজ কৰিবলৈ যোৱাৰ বাবে বান্ধটো কাটিব পৰা নহ’ল। একাংশ ৰাইজে বান্ধখন কাটি দিয়াৰ অভিযোগ কৰিলেও মাটিৰগৰাকীজন হজৰ পৰা আহিলে তেখতক লগত লৈ আলোচনা কৰিহে ব্যৱস্থা লোৱা হ’ব বুলি জনায়।
চক্ৰ বিষয়াই জনোৱা মতে ৰূপহী ৰাজহ চক্ৰ এলেকাত অবৈধ ভাবে প্ৰায় ৫০০ টা বান্ধ এতিয়াও মুকলি কৰিবলৈ বাকী আছে। অবৈধ ভাৱে বান্ধ দি ৰখা সকলো গৰাকীক বান্ধ মুকলি কৰি দিয়াৰ বাবে চমন দিয়া হৈছে বুলি সাংবাদিকক জনায় ৰূপহী ৰাজহ চক্ৰ বিষয়া দৰ্শনা চেতিয়াই। এই বান্ধ কেইটা মুকলি আৰু এৰাসুঁতি মুকলি কৰিলেহে ৰূপহী সমষ্টি কৃত্ৰিম বানৰ পৰা ৰক্ষা পাব বুলি চক্ৰ বিষয়াগৰাকীয়ে জনাইছে৷

Related Articles

Leave a Reply

Close