অসম

ৰূপহী মহাবিদ্যালত বিজ্ঞান শাখা মুকলিঃ অচিৰেই বাণিজ্য শাখা খোলাৰ আশ্বাস বিধায়ক নুৰুল হুদাৰ

প্ৰথম খবৰ, ৰূপহীহাট: নগাঁও জিলাৰ উত্তৰাঞ্চলৰ একমাত্ৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান ৰূপহী মহাবিদ্যালয়ত আজি বিজ্ঞান শাখাৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক নুৰুল হুদা আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰাক্তন অধ্যক্ষ লুতফুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অথিতি হিচাপে উপস্থিত থাকি সাংসদ গৰাকীয়ে মহাবিদ্যালয়খনৰ বিজ্ঞান শাখাটি উদ্বোধন কৰি আন্তগাঁথনি উন্নয়নৰ বাবে নিজৰ সাংসদ পুঁজিৰ পৰা ১০ লাখ টকাৰ অনুদানো ঘোষণা কৰে।

ইফালে মুখ্য অতিথি হিচাপে স্থানীয় বিধায়ক নুৰুল হুদাই সভাখনত অংশ গ্ৰহণ কৰি আজি মুকলি হোৱা বিজ্ঞান শাখাই বৃহত্তৰ অঞ্চলটোৰ শৈক্ষিক দিশৰ উন্নতিত ষথেষ্ঠ উপকৃত কৰিব বুলি আশা ব্যক্ত কৰে। বিধায়ক গৰাকীয়ে ভাষণত কয় যে ঐতিহাসিক মহাবিদ্যালয়খনৰ এটা গুৰুত্বপূৰ্ণ সমস্যা আজি সমাধান হ’ল আৰু অচিৰেই বাণিজ্য শাখাও খোলা হ’ব। অহা বছৰলৈ বাণিজ্য শাখা খোলাৰ ব্যৱস্থা কৰাৰ কথা কৈ বিধায়ক হুদাই ২০ লাখ টকাৰ অনুদান ঘোষণা কৰে বাণিজ্য শাখাৰ বাবে। মহাবিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ ভূৱনানন্দ পাটনায়কে আদৰণি ভাষণ আগবঢ়োৱা সভাখনত পৰিচালনা সমিতিৰ সদস্য আব্দুল হাইকে ধৰি অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

Related Articles

Leave a Reply

Close