অসম

ৰে’লৰ চেপাত বাইক হ’ল চূৰ্ণাকৃত

প্ৰথম খবৰ, বৰপেটাৰোড: গুৱাহাটীৰ পৰা ডালখোলা ষ্টেচনলৈ 05606 নামনিমুৱা বিশেষ ৰেলগাড়ীখন কেন্দুকণা ষ্টেচন পাৰ হৈ কিছু দুৰ অহাৰ পিছত ৰে’লগেটৰ ব্যৱস্থা নথকা ঠাইত এখন বাইক পাৰ হৈ যাব ধৰোতে দুৰ্ঘটনাত পতিত হয়। বাইকখন ৰে’লৰ ইঞ্জিনৰ তলত সোমাই যোৱাৰ ফলত ৰে’ল খন ঠাইতে ৰৈ যায়। ঘটনাটো ঘটে দিনৰ প্ৰায় ১১:১৫ মান বজাত।

উল্লেখ্য যে, বাইক চালকজন কোনো আঘাত নোপোৱাকৈ ৰক্ষা পৰে। খবৰ পোৱা মতে ক্ষন্তেক পূৰ্বে প্ৰায় দুঘণ্টাৰ মুৰত বাইক খন ইঞ্জিনৰ তলৰ পৰা উলিয়াই অনা হয়।

Related Articles

Leave a Reply

Close