অসমশীৰ্ষ

অসম-পশ্চিমবংগৰ সীমান্তত তীব্ৰ উত্তেজনা

প্ৰথম খবৰ, গোলকগঞ্জ: অসম চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ সীমান্তত ভূমি বিবাদকলৈ দুই ভাতৃক হত্যা। অসমৰ এজনৰ লগতে বংগৰ কেইবাজনো গুৰুতৰভােব আহত, তীব্ৰ উত্তেজনা সীমান্তত।

অসম-বংগ সীমান্ত পশ্চিম বংগৰ দেবগ্ৰাম গাঁৱত ভুমি বিবাদক কেন্দ্ৰ কৰি ভয়ংকৰ সংঘৰ্ষ সৃষ্টি হয়। ফলত দুই ভাতৃ মৃত্যু হোৱাৰ লগতে অসমৰ অসমৰ এজনকে ধৰি চাৰিজন গুৰুতৰভাবে আহত হয়।

স্থানীয় ৰাইজে কোৱা মতে, ভোম্বল দাস আৰু পুটু দাস নামৰ দুই ভাতৃয়ে মাটি-বাৰীক কেন্দ্ৰ কৰি খুৰা ৰতন দাসক ভৰিত চোকা অস্ত্ৰ দাৰে কোব মৰাৰ লগতে পৰিয়ালৰ লোককো আক্ৰমনৰে গুৰুতৰভাবে আহতকৰে । স্থানীয় ৰাইজে মাৰপিট বন্ধ কৰাৰ চেষ্টা কৰাত ৰাইজকো আক্ৰমণ কৰে । পিছত স্থানীয় ৰাইজে উত্তেজিত হৈ ইটাৰে থেতেৰি-থেতেলি হত্যা কৰে ।

Related Articles

Leave a Reply

Close