অসমশীৰ্ষ

গুৱাহাটীত বাবা ৰামদেৱ

বিশেষ প্ৰতিবেদক, প্ৰথম খবৰ: ৰাজধানী চহৰ গুৱাহাটীত বাবা ৰামদেৱ। সোমাবাৰে পুৱাই উপস্থিত হোৱা বাবা ৰামদেৱে দিনটো কটালে আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ৰয়েল গ্লোবেল স্কুলত।

ছাত্র-ছাত্ৰীৰ মাজত বাবা ৰামদেৱক দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰমী ৰূপত। কথাৰ হাঁহি ধেমালিৰ মাজেৰে ৰামদেৱে শিক্ষাৰ্থীক উদ্দেশ্যে দিলে নানান বক্তৃতা। জীৱন অভিজ্ঞতাকে ধৰি শিক্ষাৰ্থীৰ কিতাপৰ অধ্যয়নৰ পৰা যোগলৈ, শিক্ষাৰ্থীৰ সৈতে সকলো কথাকে পাতিলে বাবাই।

শিক্ষাৰ্থীৰ আগত কৰি দেখুৱালে এটাৰ পিছত আন এটা যোগ। সাংবাদিকৰে মিলি বাবা ৰামদেবে ক’লে অসম প্ৰীতিৰ কথা। অইন ৰাজ্যত জন্ম হলেও অসম তথা উত্তৰ পূৰ্বাঞ্চল তেওঁৰ জীৱনৰ ব্যৱসায় ঘাটি বুলি উল্লেখ কৰে।

ইফালে, অসমৰ প্ৰেমত পৰা ৰামদেৱে অসম চৰকাৰ তথা উদ্যোগ বিভাগক ধন্যবাদ জনাই তেওঁ। অসমৰ বানাক্ৰান্তলৈ সঁহাৰি জনায় তেওঁ আগবঢ়াই ২০০ খন ট্ৰাকত খাদ্য তথা বস্ত্ৰ সামগ্ৰী। ৰাজ্যৰ ১৬ খন বানপানীত বিধ্বস্ত জিলালৈ আগবঢ়ায় এই সহায়। উল্লেখযোগ্য যে, বিদ্যালয়খনত অনুষ্ঠিত ব্যৱসায় কেন্দ্ৰীক পতাঞ্জলীৰ এখন বিতৰক সন্মিলনত অংশ লয় বাবা ৰামদেৱে।

Related Articles

Leave a Reply

Close