অসম

বিহপুৰীয়াত যুৱকৰ মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, বিহপুৰীয়া: বিহপুৰীয়াৰ দুই নম্বৰ ৱাৰ্ডৰ এখন দলনিৰ পানীত ওপঙি থকা অৱস্থাত বৰুণ দে নামৰ এজন যুৱকৰ মৃতদেহ মংগলবাৰে পুৱা উদ্ধাৰ কৰা হয় ৷ যোৱা ২৯ জুলাইৰ সন্ধিয়াৰে পৰা নিৰুৰ্দ্দিষ্ট হৈ থকা যুৱকজনৰ মৃতদেহ ঘৰৰ সমীপৰে দলনিত উদ্ধাৰ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে ৷ মৃৰ্গী ৰোগত আক্ৰান্ত তথা সুৰাপায়ী যুৱকজনৰ মৃতদেহ কি পৰিস্থিতিত দলনিৰ মাজত উদ্ধাৰ হ’ল তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে যদিও পৰিয়ালৰ লোকে এই ঘটনাক সাধাৰণভাৱেই গ্ৰহণ কৰিছে ৷ বিহপুৰীয়া আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ দলনিত মাছ ধৰিবলৈ যাওঁতে যুৱকজনৰ মৃত্যু হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close