অসম

জন্মদিনৰ দিনা ৰক্তদান কৰিলে চিলাপথাৰৰ সুৰজ কুণ্ডুয়ে

প্ৰথম খবৰ, চিচিবৰগাঁও: ইতিহাসৰ আৰম্ভণীৰ পৰাই  মানুহে  তেজক শৰীৰৰ  প্ৰাণশক্তি বুলি গণ্য কৰি আহিছে। জনসাধাৰণৰ সহযোগ আৰু সজাগতাৰ  ৰক্তভঁৰালক সদায়েই  প্ৰয়োজন৷ মুমূৰ্ষু ৰোগীৰ  জীৱন ৰক্ষাৰ বাবে প্ৰয়োজনীয়  ৰক্ত  যথা সময়ত যোগান ধৰাই হৈছে ৰক্তভঁৰালৰ প্ৰধান লক্ষ্য।

আমাৰ দেশৰ মাত্ৰ দুই শতাংশ লোকে স্বেচ্ছা ৰক্তদাতা হিচাপে আগবাঢ়িআহিলেই ৰক্তভঁৰালসমূহ  সকলো সময়তে  ততালিকে   সহায় কৰিব পৰাকৈ টনকিয়াল হ’ব৷ ৰক্তদান মহান দান, ই অতুলনীয়৷ জীৱন কালত  প্ৰত্যেকেই এবাৰলৈ হ’লেও  এই ৰক্তদানৰ সুখানুভূতি লভিবলৈ আগবাঢ়ি আহিব লাগে। এয়া হ’ল সময়ৰ  আহ্বান।

এই প্ৰমূল্য বাক্যশাৰী সাৰোগত কৰি জন্মদিনৰ দিনা ৰক্তদান কৰিলে ধেমাজি চিলাপথাৰৰ এজন যুৱকে। চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য সুৰজ কুণ্ডয়ে জিলাবাসীৰ কথা ভাবি জন্মদিনৰ পাৰ্টী, আমোদ- প্ৰমোদৰ বিপৰীতে ধেমাজি অসামৰিক চিকিৎসালয়ত ৰক্তদান কৰে। ২৭ বছৰ বয়সত ভৰি দিয়া এগৰাকী সক্ৰিয় কৰ্মীৰ এনে মহান কাৰ্যক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকদ্বয় ক্ৰমে দেৱেন ডেকা আৰু অৰবিন্দ গগৈকে প্ৰমুখ্য কৰি সমূহ বিষয়বীয়াই আদৰণী জনাইছে।

Related Articles

Leave a Reply

Close