Home / যুৱ / ত্ৰাসৰ অন্য নাম ব্লু হোৱেল, অসমতো চিকাৰ ছাত্ৰ

ত্ৰাসৰ অন্য নাম ব্লু হোৱেল, অসমতো চিকাৰ ছাত্ৰ

ব্লু হোৱেল চেলেঞ্জ এটি অনলাইন গেম। ঘাতকৰূপে চিহ্নিত হোৱা এই গেমটো ২০১৩ চনত ৰাছিয়াৰ ফিলিপ বুডেকিন নামৰ যুৱক এজনে তৈয়াৰ কৰিছিল। লগে লগে ৰাছিয়াৰ ছ’চিয়েল মিডিয়াযোগে ইয়াৰ প্ৰচাৰ কৰা হৈছিল। পিছলৈ এই গেমটোৱে ৰাছিয়াৰ উপৰি কানাডা, আমেৰিকা, ফ্ৰান্স আদি দেশত ১৫০ জনৰো অধিক যুৱক-যুৱতীৰ প্ৰাণ কাঢ়ি আতংকৰ সৃষ্টি কৰে। সেই ব্লু হোৱেল গেম এইবাৰ প্ৰৱেশ কৰিছে ভাৰতত।

ইতিমধ্যে গুৱাহাটীত এই গেমটো খেলা এজন ছাত্ৰক চিনাক্ত কৰা হৈছে। মৃত্যুৰ দুৱাৰদলিৰপৰা উভতি অহা ছাত্ৰজনক চিকিৎসকৰ তত্বাৱধানত এই ভয়ানক গেমটোৰপৰা আঁতৰাই আনিবলৈ চেষ্টা কৰি থকা হৈছে।

সমগ্ৰ বিশ্বত শতাধিক যুৱক যুৱতীক আত্মহত্যা কৰিবলৈ বাধ্য কৰা ব্লু হোৱেল গেম তৈয়াৰ কৰা ফিলিপক ৩ বছৰৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে। আপোনাৰ বা আপোনাৰ সন্তানৰ ভৱিষ্যত কাঢ়িব পৰা কি এই ঘাটক ব্লু হোৱেল গেম? কিয় আত্মহত্যা কৰিবলৈ বাধ্য কৰাই এই গেমে?

অনলাইনত খেলা ব্লু হোৱেল চেলেঞ্জ নামৰ এই ঘাতক গেমটোত থাকে ৫০ টাকৈ শৃংখল। ৫০টা শৃংখল সমাপ্ত কৰিবলৈ থাকে ৫০ দিনৰ সময়সীমা। অন্তিমটো শৃংখল সমাপ্ত কৰিবলৈ হ’লে খেলুৱৈয়ে সমাপ্ত কৰিব লগা হয় নিজৰ জীৱনো।

অৰ্থাৎ মৃত্যুয়েই হ’ল ব্লু হোৱেল গেমৰ সমাপ্ত কৰাৰ একমাত্ৰ উপায়। এই গেমটোৰ আৰম্ভনিতে থাকে কিছুমান সৰু সৰু প্ৰত্যাহ্বান। খেলৰ প্ৰথম প্ৰত্যাহ্বান হ’ল ৰাতিপুৱা ৪:২০ বজাত শুই উঠি নিজৰ বন্ধুক ভাল নাপাওঁ বুলি জনোৱা। ইয়াৰ পিছত এডমিনৰ নিৰ্দেশ মৰ্মে মাজনিশা বিভিন্ন ভয়ানক ভূতৰ ছবি উপভোগ কৰা আদি।

প্ৰতিটো শৃংখলা সমাপ্ত কৰাৰ পিছত খেলুৱৈ জনে নিজৰ হাত কাটি চিহ্ন আঁকি এডমিনক ছেলফি দি প্ৰমাণ কৰাটো বাধ্যতামূলক। কিন্তু দিন যোৱাৰ লগে লগে খেলৰ শৃংখলসমূহ হৈ পৰে অধিক কঠিন। খেলুৱৈজনক এক প্ৰকাৰে বিচ্ছিন্ন কৰি পেলোৱা হয় সমাজৰপৰা। নিৰ্দেশ দিয়া হয় দেহত বিভিন্ন অংশত কৰ্তনৰ।

এই খিনিতে যদি কোনোবাই খেল বিধ নেখেলাৰ সিদ্ধান্ত লয়, তেতিয়াই খেলুৱৈজন চিকাৰ হয় ব্লেকমেইলিঙৰ। পিতৃ-মাতৃ বা পৰিয়ালৰ লোকক হত্যাৰ ভাবুকিৰে এডমিনে আৰম্ভ কৰে সন্ত্ৰাসৰ। শেষৰ ভয়ত হাতৰ পুতলাৰ দৰে খেলুৱৈ বন্দী হৈ পৰে এডমিনৰ। এডমিনৰ সকলো নিৰ্দেশ মানিবলৈ বাধ্য হয় পৰে খেলুৱৈ।

শেষৰ শৃংখলসমূহত এডমিনে এনে কিছুমান কাম কৰিবলৈ নিৰ্দেশ দিয়ে যিবোৰ কামৰ ফলত খেলুৱৈ জনৰ জীৱনৰ প্ৰতি মায়া মোহ লাহে লাহে নিঃশেষ হৈ যায় আৰু আত্মহত্যা কৰিবলৈ সাজু হৈ পৰে।

৪৯ নম্বৰ শৃংখলাটো সমাপ্ত হোৱাৰ পিছতে খেলুৱৈয়ে হাতত অকা চিহ্নটোৱে সম্পূৰ্ণ ব্লু হোৱেলৰ ৰূপ পায়। আৰু আৰম্ভ হয় খেলৰ লগতে নিজক সমাপ্ত কৰাৰ ৫০ নম্বৰ তথা অন্তিমটো শৃংখলাৰ। য’ত এডমিনে খেলুৱৈজনক অট্টালিকাৰ ওপৰত উঠি নিজৰ ভৰি তললৈ ওলোমাই এখন ছেলফি তুলি ছ’চিয়েল মিডিয়াত পোষ্ট কৰিবলৈ নিৰ্দেশ দিয়ে। ফটোৰ কেপচনত লিখিব দিয়া হয় ‘END’।

ইয়াৰ পিছতে খেলুৱৈ জনে নিজৰ খেলবিধ সমাপ্ত কৰাৰ স্বাৰ্থত ৫০ নম্বৰ শৃংখলাটো খেলিবলৈ অট্টালিকাৰ পৰা জঁপিয়াই আত্মহত্যা কৰিবলৈ বাধ্য হয় আৰু সমাপ্তি ঘটে ঘাতক খেল বিধৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*