অসম

এক কোটি টকাৰ অনুমোদন লাভ ” লক্ষ্মীনাথ বেজবৰুৱা পুথিভঁড়াল আৰু প্ৰেক্ষাগৃহ”ৰ

প্ৰথম খবৰ, বৰপেটাৰোড: বৰপেটাৰোডত নিৰ্মিয়মান ” লক্ষ্মীনাথ বেজবৰুৱা পুথিভঁড়াল আৰু প্ৰেক্ষাগৃহ”ৰ বাকী থকা কামখিনি সম্পূৰ্ণ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ পৰা ১ কোটি টকাৰ অনুমোদন লাভ কৰিছে। উল্লেখ্য যে, স্থানীয় বিধায়ক ৰঞ্জিৎ কুমাৰ দাসৰ তৎপৰতাত বৰপেটাৰোড পৌৰ সভাৰ তদানীন্তন পৌৰপতি দিলীপ কুমাৰ সাহাই অসম চৰকাৰৰ ওচৰত এক কোটি টকা বিচাৰি প্ৰাককলীন দাখিল কৰিছিল। অলপতে বিধায়ক ৰঞ্জিৎ দাসে অসম ৰাজ্যিক বিত্তীয় আয়োগৰ পৰা এক কোটি টকাৰ অনুমোদন আদায় কৰি অনাত নিৰ্মাণ সমিতিয়ে সন্তোষ প্ৰকাশ কৰিছে ।  এইলৈ লক্ষ্মীনাথ বেজবৰুৱা পুথিভড়াল আৰু প্ৰেক্ষাগৃহ সমিতিৰ সভাপতি ডেভিদ লেজাৰৰ সভাপতিত্বত যোৱা ৩০ জুলাইত অনুষ্ঠিত এক সভাত বিধায়ক আৰু পৌৰ সভাক ধন্যবাদ জ্ঞাপন কৰা হয়। লগতে অতি সোনকালে আধৰুৱা কামখিনি পৌৰ সভাৰ জড়িত সম্পূৰ্ণ হ’ব বুলি সভাই আশা প্ৰকাশ কৰে। এইখিনিতে উল্লেখ কৰিব পাৰি যে প্ৰায় ২.৫ কোটি টকা ব্যয় হ’বলগীয়া প্ৰেক্ষাগৃহটো শীত-তাপ নিয়ন্ত্ৰিত হোৱাৰ লগতে অত্যাধুনিক সা- সৰঞ্জামৰে সমৃদ্ধ হ’ব। তদুপৰি পুথিভড়ালটো ডিজিটেল পুথিভড়াল হ’ব বুলি জানিবলৈ দিছে সমিতিৰ সম্পাদক হিতেশ দাসে।

Related Articles

Leave a Reply

Close