অসমশীৰ্ষ

ধেমাজিৰ ছাত্ৰই উদঙালে গড়কাপ্তানী বিভাগৰ অদক্ষতা

প্ৰথম খবৰ, ধেমাজি: গড়কাপ্তানী বিভাগৰ নিম্ন মানদণ্ডৰ কাম দেখি চিঠি লিখিলে মুখ্যমন্ত্ৰীলৈ ৷ সাত মাহৰ মূৰত উত্তৰো আহিল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ৷ গড়কাপ্তানী বিভাগে আক’ ৰাস্তা বেয়া হোৱাৰ বাবে স্থানীয় ৰাইজক দোষ দি পত্ৰ লিখিলে কণমানী ছাত্ৰলৈ ৷

ধেমাজিৰ ভৰালীচুক সুৰুয নগৰৰ কণমানী সুমন সৌৰভ দাস মাডাৰ্চ প্ৰাইড স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ৷ দৈনিক স্কুললে যাওঁতে পদপথৰ দুৰৱস্থাই আলৈ আথানি নোহোৱা কৰে বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ৷ পথৰ ওপৰত দ’ গাঁত , বোকা পানীৰ মাজেৰে বিদ্যালয়লৈ গৈ থকা ছাত্ৰ-ছাত্ৰীসকলৰ অবৰ্নণীয় যাতনাৰ কথা আন দহজনৰ দৰে কাকো নজনোৱাকৈ ৰৈ নাথাকিল কণমানি ছাত্ৰটোৱে ৷ সকলো যাতনাৰ কথা লিপিৱদ্ধ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৈ পত্ৰ লিখিলে ৩০ জানুৱাৰী ২০১৭ তাৰিখে৷ মুখ্যমন্ত্ৰীৰ পৰা কোনো সুদুত্তৰ নাপাই প্ৰথম অৱস্থাত আশাহত হৈছিল সুমন সৌৰভ ৷ কিন্তু সুদীৰ্ঘ সাত মাহৰ মূৰত মুখ্যমন্ত্ৰীৰ পত্ৰ আহিল ৷ দৌৰি আহিল গড়কাপ্তানি বিভাগৰ বিষয়া-কৰ্মচাৰী ৷ পিছে ঘৰলৈ নাহিল সুমনৰ দেউতাকৰ দোকানত দি গ’ল সুমনলৈ চিঠি ৷ সুমনক মাতি গ’ল গড়কাপ্তানীৰ কাৰ্যালয়লৈ ৷

আশ্চয্যকৰ কথা হ’ল সুমনলৈ গড়কাপ্তানীৰ ধেমাজিৰ সহকাৰী কাৰ্যবাহী অভিযন্তাই দিয়া পত্ৰত পথ বেয়া হোৱাৰ বাবে জগৰীয়া কৰা হ’ল স্থানীয় ৰাইজক ৷ গড়কাপ্তানীৰ কোনো ভুল নাই স্থানীয় ৰাইজৰ বাবেহে পথত বোকা পানী হৈছে ৷ বছৰ বছৰ ধৰি পথৰ ওপৰৰে যাব নোৱাৰা অৱস্থাত পৰি অতিষ্ঠ হৈ চিঠি লিখিবলৈ বাধ্য হোৱা কণমানী ছাত্ৰজনক পত্ৰযোগে ধেমাজিৰ গড়কাপ্তানী বিভাগে জনাই দিলে পথ বেয়া হোৱাৰ বাবে ৰাইজ হে জগৰীয়া ৷

তথাপি মুখ্যমন্ত্ৰীৰ উত্তৰ পাই সুখী সুমন সৌৰভ ৷ আশা কৰিছে বৰষুণৰ দিন শেষ হ’লেই সুমন বিদ্যালয়লৈ যোৱা পথটোৰ অৱস্থা ভাল কৰি দিব গড়কাপ্তানী বিভাগে⁠⁠⁠⁠।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close