অসম

বিহপুৰীয়াত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত তিনিজন

প্ৰথম খবৰ,  বিহপুৰীয়া: বিদ্যুৎ বিভাগৰ যেন এই বৰ্ষত কালিকা লাগিছে৷ বিভাগটোৱে বিগত সময়ত ৰাজ্যত বহু কেইগৰাকীৰ জীৱন কাঢ়ি লোৱাৰ সমান্তৰালভাবে আজিও এক অনাকাঙ্খিত ঘটনাৰ পৰা ৰক্ষা পৰিল বিহপুৰীয়াৰ তিনিজনকৈ শ্ৰমিক৷ ঘটনাটো সংঘটিত হৈছে বিহপুৰীয়াৰ বদতি জামুগুৰিৰ ১নং দহঘৰীয়াত৷

স্থানীয় নাৰায়ণ পেগু নামৰ ব্যক্তিজনে পথাৰত পানী যোগানৰ বাবে পূৰ্বে স্থাপন কৰা দমকলটো মেৰামতী কৰা সময়তে সংঘটিত হয় দুৰ্ঘটনাতো৷ দমকলৰ পাইপ ওপৰলৈ উঠাওতে কৃষি পথাৰৰ ওপৰেৰি যোৱা ১১ কে বি তাঁৰত  বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাবে আহত অজিত পেগু, ব্ৰজেন কুটুম, নাৰায়ণ পেগু৷ উলেখ্য যে, দমকলৰ পাইপ ওপৰলৈ উঠাওতেই বিদ্যুৎ পৰিবাহী ১১ কে বি  তাঁৰত লাগি যুৱক  কেইজন চতফটাব ধৰে৷ লগে লগে গাঁওখনত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়।

স্থানীয় প্ৰফুল্ল কুটুম নামৰ এগৰাকী শিক্ষকৰ তৎপৰতাত যুৱক  কেইজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ইতিমধ্যে যুৱক কেইজন মাটিত ঢলি পৰে৷

স্থানীয় ৰাইজৰ ততাতয়াকৈ ১০৮ সেৱাৰ দ্বাৰা বিহপুৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যুৱককেইজনক৷ চিকিৎসালয়খনত যুৱককেইজন বৰ্তমান চিকিৎসাধিন৷ ইপিনে,শিক্ষক গৰাকীয়ে সময়োপযোগী তাৎক্ষনিক পদক্ষেপ গ্ৰহণ নকৰা হলে যুৱক কেইজনক উদ্ধাৰ কৰিবলৈ গৈ স্থানীয় বহু লোক এক অনাকাঙ্খিত ঘটনাৰ  বলি হ’ব লগা হ’লহেতেন ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close