অসমশীৰ্ষ

সৰ্থেবাৰীত দুৰ্বৃত্তই জ্বলাই দিলে মটৰ চাইকেল

প্ৰথম খবৰ, সৰ্থেবাৰী: সৰ্থেবাৰীত সংঘটিত হ’ল এক অঘটন। দুস্কৃতিকাৰীৰ দুষ্কাৰ্যৰ পৰা কোনোমতে ৰক্ষা পৰিল এটা পৰিয়াল। সৰ্থেবাৰীৰ কাঁহ শিল্পী তপন ডেকাৰ বাসগৃহত সংঘটিত হ’ল এই ঘটনা।

তপন ডেকাৰ বাসগৃহৰ বাৰাণ্ডাত আছিল তপন ডেকাৰ লগতে ব্যৱসায়ী সঞ্জয় ডেকাৰ মটৰ চাইকেল দুখন। নিশা প্ৰায় ১১.৩০ বজাত কোনো অচিনাকী দুৰ্বৃত্তই মটৰ চাইকেল দুখনত অগ্নিসংযোগ কৰি পলায়ন কৰে। জুইয়ে এখন মটৰ চাইকেল সম্পূৰ্ণৰূপে ভষ্মীভূত কৰাৰ লগতে আনখন মটৰ চাইকেলৰ বিস্তৰ ক্ষতি সাধন কৰে। তপন ডেকাৰ বাসগৃহৰো ক্ষতি হয়।

চুবুৰীয়া লোকে জুই দেখি চিঞৰ-বাখৰ কৰাত তপন ডেকাৰ পৰিয়ালটো টোপনিৰ পৰা সাৰ পায় আৰু জুই নিয়ন্ত্ৰণ কৰে। যদিহে চুবুৰীয়া লোকে দেখা নাপালেহেতেন তেতিয়াহ’লে তপন ডেকাৰ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মীভূত হ’লহেঁতেন। এক নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে তপন ডেকাৰ পৰিয়াল। ঘটনাটোৱে অঞ্চলটোত চাঞ্চ্যলৰ সৃষ্টি কৰিছে।

Related Articles

Leave a Reply

Close