বিজ্ঞানৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

‘ৱান্নাক্ৰাই’ৰ আঁৰত খলনায়ক জালত পৰিল

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: ৱান্নাক্ৰাই ৰেনছম ৱেৰেৰে বিশ্বজুৰি সন্ত্ৰাস সৃষ্টি কৰা চাইবাৰ আক্ৰমণকাৰী মাৰ্কাছ হাছিনছ অৱশেষত গ্ৰেপ্তাৰ হ’ল। নিজকে চাইবাৰ বিশেষজ্ঞ বুলি দাবী কৰা মাৰ্কাছ হাছিনছে দীৰ্ঘদিন ধৰি চাইবাৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ গৱেষণা কৰি আহিছে। সমান্তৰালভাৱে বিভিন্ন মেলৱেৰ প্ৰস্তুত কৰাটো সিদ্ধহস্ত ব্ৰিটেইনৰ যুৱক মাৰ্কাছ হাছিনছৰ গ্ৰেপ্তাৰৰ লগে লগে চাঞ্চ্যলৰ সৃষ্টি হৈছে।

মেলৱেৰ টেক ছদ্মনামেৰে কানাডা, ইউৰোপ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বেংকিং ব্যৱস্থা শেষ কৰাৰ অভিযোগত লাছ ভেগাছত গ্ৰেপ্তাৰ কৰা হয় হাছিনছক। এফবিআইৰ গ্ৰেপ্তাৰ কৰে এইজন কুখ্যাত চাইবাৰ সন্ত্ৰাসবাদীক।

উল্লেখ্য যে, বিগত জুলাই মাহত বিশ্বৰ বিভিন্ন দেশত লাখ লাখ কম্পিউটাৰ ৱান্নাক্ৰায়ে স্তব্ধ কৰি দিয়াৰ সময়তে হাছিনছে দাবী কৰিছিল যে, তেওঁ এনে এক মেলৱেৰ প্ৰস্তুত কৰিছে যিয়ে ৱান্নাক্ৰাইক ৰোধ কৰিব পাৰিব। বিশ্বৰ চাইবাৰ বিশেষজ্ঞসকল উদ্বিগ্ন হৈ থকাৰ সময়তে হাছিনছৰ এই ঘোষণাই তেওঁক সন্দেহৰ আৱৰ্তলৈ আনিছিল। অৱশেষত এফবিআইৰ জালত পৰিল মাৰ্কাছ হাছিনছ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close