অসমশীৰ্ষ

যোৰহাটত ৰহস্যজনক হত্যাকাণ্ড

প্ৰথম খবৰ, যোৰহাট: যোৰহাট জিলাৰ ভগামুখত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড,  হত্যাকাৰিয়ে অচেতন অৱস্থাত গধূলিতে পেলাই গ’ল ৰাজপথত। ভগামুখ আৰক্ষী থানাৰ অন্তৰ্গত মৰিজাঁজি দুলাকাষৰিয়া চ’ক তিনিআলিত ১৭ আগষ্টত সন্ধ্যা ৭:৩০ বজাত  পুতুল বৰা নামৰ ব্যক্তি জনক অচেতন অৱস্থাত স্থানীয় কেইজনমান যুৱকে পৰি থকা দেখা পায়।

পৰিয়ালৰ লোকক খবৰ দিয়াত ব্যক্তিজনক ততাতয়াকৈ ভগামুখ স্বাস্থ্যকেন্দ্ৰত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হয়, মৃত্যুৰে তিনিদিন যুঁজাৰ পাছত পুৱতি নিশা অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত মৃত্যু হয়।

ঘটনাৰ বিৱৰণি মতে, ১৭ অগষ্টৰ সন্ধ্যা কোনো অজ্ঞাত ব্যক্তিয়ে দুলকাষৰিয়া চ’ক তিনিআলিত পুতুল বৰাক মাৰ-ধৰ কৰি অচেতন অৱস্থাত পেলাই থৈ যায়। পুৱতি নিশা মৃত্যু হোৱা পুতুল বৰাৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাৱে অসম চিকিৎসা মহাবিদ্যালয়ত ৰখা হৈছে।

ইতিমধ্য ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। অপুৰ্ব বৰা নামৰ এজন ব্যক্তিক সোধ-পোচৰ বাবে আটক কৰিছে। মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তত ওলাই পৰিব এই ঘটনাৰ লগত কোন জড়িত আছে।

Related Articles

Leave a Reply

Close