অসম

কলগাছিয়াত নিচাযুক্ত দ্ৰব্য খুৱাই চোৰৰ লুট

প্ৰথম খবৰ, কলগাছিয়া: কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুনিয়ালগুৰি গাঁৱত নিশা সংঘটিত হয় এক অঘটন। গাঁওখনৰ আব্দুল জুব্বাৰৰ পৰিয়ালৰ সদস্যক খাদ্যৰ লগত নিচা জাতীয় দ্ৰব্য সেৱন কৰাই অচেতন কৰি চোৰে লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী আৰু ধন সোণ। নিশাৰ আহাৰ গ্ৰহণ কৰি পৰিয়ালটোৰ সদস্যসকলে বিছনাত গৈছিল যদিও পুৱা ৮ বজালৈকে কোনেও টোপনিৰ পৰা সাৰ নোপোৱাত ওচৰৰ ঘৰৰ মানুহে খবৰ ল’বলৈ গৈ ঘটনাটো প্ৰত্যক্ষ কৰাৰ পিছত হুৱাধুৱা লাগে। ৰাইজে অচেতন আৰু সংকটজনক অৱস্থাত পৰিয়ালটোৰ আটাইকেইজন সদস্য ক্ৰমে ফৰিদা খাতুন(৩০) ইৰফান ফৰিদ (১২) ইমৰান ফৰিদ (৮) ছাদ্দাম হুচেইন (২৪) আৰু ছানিদুল ইছলাম (২১) ক বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ।বৰ্তমানে আটাইৰে অৱস্থা সংকটমুক্ত বুলি চিকিৎসকে জানিবলৈ দিছে। আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদিও পৰিয়াটোৰ সদস্য সুস্থ হোৱাৰ পাছতহে ঘটনাৰ আৰৰ প্ৰকৃত ৰহস্য উদঘাটন হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে, যোৱা তিনিদিন পূৰ্বেও গাঁওখনৰ মকছেদ আলীৰ ঘৰতো অনুৰূপ ঘটনা সংঘটিত হৈছিল বুলিও অঞ্চলটোৰ ৰাইজে এই প্ৰতিবেদনত জানিবলৈ দিছে।

Related Articles

Leave a Reply

Close