অসমলাফিকুল

কলগাছিয়াত এবিএমছু নেতাৰ হত্যাৰ প্ৰতিবাদ

প্ৰথম খবৰ, কলগাছিয়া: কালি দিন দুপৰতে এবিএমছু নেতা লাফিকুল ইছলামক হত্যা কৰাৰ প্ৰতিবাদত দল মত নিৰ্বিশেষে আহ্বান জনোৱা কলগাছিয়া মহকুমা অঞ্চলত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হোৱা পৰিলক্ষিত হৈছে। ৰাতিপুৱাৰে পৰা সকলো ধৰণৰ যান-বাহন, দোকান-পোহাৰ স্বতঃফূৰ্তভাৱে বন্ধ হৈ পৰিছে। ইফালে ৰাতিপুৱা কলগাছিয়া চাৰিয়ালি চ’কত একত্ৰিত হোৱা জনতাই টায়াৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন কৰি ৰাজপথ অৱৰোধ কৰি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু বিজেপি চৰকাৰ বিৰুদ্ধে শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে । লাফিকুলৰ পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণ, চি বি আই তদন্তৰে দোষীক অতি সোনকালে আটক কৰি কঠোৰ শাস্তিৰ দাৱী কৰাৰ লগতে বি টি চি ভংগ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close