অসমবানপানী ২০১৭শীৰ্ষ

কাজিৰঙাত বানৰ কবলত এজনৰ মৃত্যু

প্ৰথম খবৰ, কাজিৰঙা: কাজিৰঙাত বানৰ কবলত পৰি মৃত্যু হয় এজনৰ। মৃত লোকজনৰ নাম গোবৰ্ধন গোৱালা (৪৫)।

জানিব পৰা মতে, কাজিৰঙাৰ ৰঙাজান বাগিচা প্ৰাথমিক বিদ্যালয়ৰ বান শিবিৰত আশ্ৰয় লৈ থকা লোকজনে শুক্ৰবাৰে বিয়লি ২ বজাত ১ নং শিলডুবিত পানীত আবদ্ধ হৈ থকা নিজ গৃহটো চাবলৈ যোৱাৰ পৰা সন্ধানহীন হৈ পৰে লোকজন ।

পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দি বিচাৰ-খোচাৰ কৰে যদিও কোনো শুংসূত্র উলিয়াব নোৱাৰে গোবৰ্ধন গোৱালা নামৰ লোকজনৰ। আজি পুৱাৰ ভাগত স্থানীয় লোকে নিখোজ গোবৰ্ধন গোৱালাৰ মৃত শৰীৰ পানীত উপঙি থকা অৱস্থাত শ’লমৰা বিলৰ পৰা উদ্ধাৰ কৰে ।

Related Articles

Leave a Reply

Close