অসম

মৰিশালিত পৰিণত অসম-মেঘালয় সীমান্তৰ লাংকেৰই প্ৰাথমিক বিদ্যালয়

প্ৰথম খবৰ, খেৰণি: পৰিৱৰ্তনৰ শ্ল’গানেৰে দুৰ্নীতি, কৰ্ম গাফিলতি, ঘোচশূৰ বিষয়া-কৰ্মচাৰী আদিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি ৰাজ্যত উন্নয়ণ আৰু বিকাশ সাধনৰ নিমিত্তে বহু পৰিকল্পনা হাতত লৈছে পৰিবৰ্তনকামী বিজেপি চৰকাৰখনে৷

আনকি বিভাগীয় বহু চৰকাৰী বিষয়া কৰ্মচাৰীকো অভিযোগৰ ভিত্তিত ইতিমধ্যে ৰঙাঘৰৰ আলহিও কৰিছে এই চৰকাখনে৷ কিন্তু কি হ’ব? পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ দুৰ্গম আৰু স্পৰ্শকাতৰ অঞ্চলসমূহ এতিয়াও চৰকাৰৰ এনেবোৰ ব্যৱস্থা আৰু চোকা দৃষ্টিৰ পৰা বহু আঁতৰত ৰৈছে৷

যাৰ ফলত সমগ্ৰ কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তৰ লগতে অসম-মেঘালয় সীমান্তৰ তথা পশ্চিম কাৰ্বি আংলঙৰ খান্দুলি-লাংহেমফি-ৰংপাংবং অঞ্চলত তলাবন্ধ-জৰাজীৰ্ণ অৱস্থাত একাধিক চৰকাৰী কাৰ্যালয় পৰি থকা পৰিলক্ষিত হৈছে৷ হয়, এনেবোৰ ছবি যদি দায়িত্বত থকা মন্ত্ৰী-আমোলাই প্ৰত্যক্ষ কৰে তেন্তে এনে দৃশ্যক লৈ হতচকিত হৈ পৰাৰ লগতে খঙত চকু কপাঁলত উঠিব মন্ত্ৰী-আমোলাৰ৷

জানো আহঁক লাংকেৰই প্ৰাথমিক বিদ্যালয়ৰ পুতৌজনক অৱস্থাৰ কিছু নজনা কথা৷ উল্লেখ্য যে খান্দুলিৰ লাংকেৰই গাঁৱত অৱস্থিত লাংকেৰই প্ৰাথমিক বিদ্যালয়খনো ক্ৰমান্নয়ে মৰিশালিত পৰিনত হ’ব ধৰিছে এতিয়া৷ চাৰিটাকৈ বৰ্ষ ধৰি বিদ্যালয়খনত নাই শিক্ষক, নাই কোনো ছাত্ৰ-ছাত্ৰী৷ আনকি বিদ্যালয়খনত নাই ডেস্ক-বেঞ্চ, নাই কোনো যাৱতীয় ব্যৱস্থাপাতি৷ যাৰ ফলত বিদ্যালয়ৰ চৌহদ মৰিশালিৰ ৰূপ লোৱাৰ বিপৰীতে বিদ্যালয় গৃহৰ শ্ৰেণীকক্ষসমুহো গোহালিত পৰিনত হ’ব ধৰিছে৷

মুঠতে শিক্ষাৰ অধিকাৰ আইন ধোঁৱা চাঙতঃ বিগত চাৰিটা বছৰে পাঠদান অবিহনে এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক নেইলছন টেৰণে নিজৰ মাহিলি দৰমহা আদায় কৰি আহিছে৷ আনকি এই সন্দৰ্ভত স্থানীয়লোক তথা গাওঁবাসীয়ে একমাত্ৰ শিক্ষক বিদ্যালয়ত উপস্থিত নোহোৱাৰ বাবেই বিদ্যালয়ৰ অৱস্থা বেয়া হোৱা আৰু ছাত্ৰ-ছাত্ৰী শূণ্য হৈ পৰাৰ কাৰণ বুলি শিক্ষকগৰাকীৰ বিৰুদ্ধে অভিযোগ তুলি নিজৰ ক্ষোভ ব্যক্ত কৰিছে৷

কিন্তু ৰহস্যজনক কথা, কিদৰে আচলতে শিক্ষকজনে পাঠদান অবিহনে চাৰি বছৰে ধৰি  দৰমহা আদায় কৰি আহিছে, ক’ত গ’ল শিক্ষা বিভাগৰ ঊৰ্ধতন  বিষয়ববীয়াসকল, কি কৰি আছে শিক্ষা বিভাগৰ দায়িত্ব থকা মন্ত্ৰী তথা কাৰ্বি পৰিষদৰ শিক্ষা বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্যগৰাকীয়ে, কাৰ এনে গোপন বুজাবুজি আৰু আশিৰ্বাদ আছে এইগৰাকী শিক্ষকৰ ওপৰত? যাৰ ফলত দায়িত্বত থকা কৰ্তৃপক্ষ আৰু চৰকাৰৰ এনে নিৰৱ স্থিতি আৰু ভুমিকাক লৈ এতিয়া এনেবোৰ কোটীটকীয়া প্ৰশ্ন উঠিছে জনতাৰ মাজত এই বিদ্যালয়খনক লৈ৷

ইফালে আন এক লজ্জাজনক কথা যে উক্ত ইংৰাজী মাধ্যমৰ বিদ্যালয়খনত কৰ্মৰত হৈ থকা প্ৰধান শিক্ষকগৰাকীয়ে সাংবাদিকে কৰা প্ৰশ্নোত্তৰৰ সময়ত অসমীয়া ভাষা ক’ব জনাতো দূৰৰে কথা, ইংৰাজী ভাষাও ক’ব নাজানো বুলি কয় উল্লেখিত নামধাৰী শিক্ষকজনে৷ সেয়ে তেওঁ সাংবাদিকে কৰা প্ৰশ্নোত্তৰত নিজৰ কাৰ্বি ভাষাৰে উল্লেখিত গাঁৱৰ ৰাইজ আৰু বিদ্যালয় পৰিচালনা কমিটিৰ বিৰুদ্ধেই অভিযোগ তুলি গাওঁবাসী আৰু কমিটিখনকে জগৰীয়া কৰে আৰু মিছা কথাৰ গইনা লৈ নিজৰ দোষ ঢাকিবলৈ চেষ্টা কৰে নেইলছন টেৰনে৷

স্মাৰ্তব্য যে আজি কিছু দিন পূৰ্বে এই বিদ্যালয়খনত কাৰ্বি পৰিষদৰ পৰিষদীয় সদস্য তথা পৰিষদীয় আমৰেং সমষ্টিৰ স্থানীয় জনপ্ৰতিনিধি ৰীণা টেৰাংপি উপস্থিত হৈ বিদ্যালয়খনৰ পৰিস্থিতি আৰু সমস্যা আদিৰ বুজ লয় আৰু কণ কণ ছাত্ৰ-ছাত্ৰীৰ জীৱন আৰু ভৱিষ্যতকলৈ হেতালি খেলা শিক্ষকগৰকীক পাঠদান নিয়মীয়া কৰিবলৈ নিৰ্দেশ দিয়ে আৰু শিক্ষকজনৰ বিৰুদ্ধে যথাচিত ব্যৱস্থাও লোৱা হ’ব বুলি শিক্ষকগৰাকীক সকিয়নি দিয়ে৷ এতিয়া প্ৰশ্ন হ’ল নিৰ্দেশ আৰু সকিয়নিৰেই শিক্ষকগৰাকীয়ে কৰা দোষৰ পৰা তেওঁ সাৰি যাব নেকী নে তেওঁৰ বিৰুদ্ধ উচিত ব্যৱস্থা লোৱা হ’ব সেয়া এক লক্ষণীয় বিষয় হৈ পৰিছে এতিয়া ৰাইজৰ বাবে?

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close