অসমশীৰ্ষ

বাছত কিণ্ণৰৰ তাণ্ডৱ: বাছযাত্ৰীক কাপোৰ ফালি পিনেৰে খুচি আক্ৰমণ

প্ৰথম খবৰ, কৃষ্ণাই: চলন্ত বাছত টকা বিচাৰি কিণ্ণৰৰ আক্ৰমণ যাত্ৰীক৷ আক্ৰমণত আহত কৃষ্ণাইৰ যুৱক৷ জানিব পৰা মতে, আজি গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী বাছত কৃষ্ণাইলৈ আহি আছিল এজন স্থানীয় যুৱক৷ যাত্ৰা কাল সুখৰে আছিল, কিন্তু ধূপধৰা এৰাৰ পাছতে চলন্ত বাছখনত লাগিল হাহাকাৰ৷ ধূপধৰাত বাছত উঠা দুই কিণ্ণৰে বিচৰা মতে ধন নাপাই চলন্ত বাছতে আক্ৰমণ কৰিলে কৃষ্ণাইৰ যুৱকজনক৷

আক্ৰমণ ইমানে তীব্ৰতৰ আছিল যে বাছ যাত্ৰীজনৰ পিন্ধা কাপোৰ ফালি পেলাই কিণ্ণৰ দুটিয়ে পিনেৰে শৰীৰৰ বিভিন্ন স্থানত হানি খুচি আক্ৰমণ কৰে যুৱকজনক৷ বাছৰ কাৰ্মচাৰী তথা আন যাত্ৰীসকলে বহু চেষ্টা কৰিও কিণ্ণৰ দ্বয়ক বাধা দিব পৰা নাছিল৷ এই ঘটনাত আন কেইবাজনো যাত্ৰী কম বেছি পৰিমাণে আহত হয়৷ অৱশেষত বাছখনৰ কৰ্মচাৰীয়ে কৃষ্ণাই আৰক্ষীথানাত আশ্ৰয় গ্ৰহণ কৰাতহে কিণ্ণৰৰ হাতৰ পৰা ৰক্ষা পৰে যুৱকজন ৷

Related Articles

Leave a Reply

Close