অসমলাফিকুলশীৰ্ষ

কোকৰাঝাৰত লাফিকুল হত্যাকাণ্ডৰ প্ৰতিবাদ, চিবিআই তদন্তৰ দাবী

প্ৰথম খবৰ, নিউজ ব্যুৰ’: লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰা, লাফিকুল হত্যাকাণ্ডৰ গোচৰ শীঘ্ৰে চিবিআইলৈ হস্তান্তৰ কৰা, তদন্তৰ অগ্ৰগতি ৰাজহুৱা কৰা আদিকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত আজি এবিএমছুৰ উদ্যোগত আৰু আছু ,এবছু , আক্ৰাছু , আমছু , অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ , কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেবাটাও জাতীয় সংগঠনৰ সহযোগত কোকৰাঝাৰত আজি বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰা হয়। উল্লেখ্য যে যোৱা ১আগষ্টত কোকৰাঝাৰৰ তিতাগুৰীত এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছে ৷

Related Articles

Leave a Reply

Close