অসমলাফিকুলশীৰ্ষ

মুকালমুৱাত গৰিয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

প্ৰথম খবৰ, মুকালমুৱা: এ বি এমছুৰ সভাপতি লাফিকুল ইছলাম হত্যাৰ প্ৰতিবাদত এতিয়াও উত্তাল হৈ আছে ৰাজ্য৷ ছাত্ৰ নেতাজনক বৰ্বৰভাবে হত্যা কৰা কাৰ্যক সহজভাবে ল’ব পৰা নাই এ বি এমছু তথা সমৰ্থকসকলে৷

ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এ বি এমছুৰ সমৰ্থকসকলে গঢ়ি তুলিছে উত্তাল প্ৰতিবাদ৷ আজি সদৌ অসম গৰিয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদ, মুছলিম কল্যাণ পৰিষদৰ বিশাল প্ৰতিবাদে কঁপালে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱা৷

মুকালমুৱাৰ মাজমজিয়াৰে সংগঠনটোৰ প্ৰায় তিনি শতাধিক নেতাকৰ্মীয়ে লাফিকুল হত্যাৰ ন্যায় লাগে, অসম চৰকাৰ হায়, হায়, অসম আৰক্ষী হায়, হায় ধ্বনিৰে উত্তাল পৰিৱেশ গঢ়ি তোলে সমৰ্থকসকলে৷

প্ৰতিবাদকাৰীসকলে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙক চাকৰিৰ পৰা নিলম্বন কৰাৰ শ্লোগানেৰেও পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰীসকলে কোকৰাঝাৰত থকা অবৈধ মাৰণাস্ত্ৰসমূহ জব্দ কৰাৰো দাবী জনায়৷

লাফিকুল ইছলাম হত্যাকাৰীক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি বিহিবলৈ দাবী জনায় অন্যথা সংগঠনটোও ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি মন্তব্য কৰে সংগঠনটোৱে৷

এ বি এমছুৰ সভাপতি লাফিকুল ইছলাম হত্যাকাণ্ডৰ হত্যাকাৰীক মুখ্যমন্ত্ৰীয়ে ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হ’ব বুলি জনাইছিল কিন্তু আজি এমাহ পৰ্যন্ত উকলি গ’ল হত্যাকাৰীক চিনাক্ত কৰা নহ’ল এয়া অসম চৰকাৰৰ গৃহ বিভাগ ব্যৰ্থ নে অইন কিবা সেই লৈও এতিয়া গভীৰ ৰহস্যৰ সৃষ্টি হৈছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে সদৌ অসম গৰিয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰন সম্পাদক মইনুল হকে৷

 

 

Related Articles

Leave a Reply

Close