নিবন্ধসাহিত্য

দল-সংগঠনে দোহাৰি থকা দিনটো

ননী মাধৱ ফুকন:

অনাগত সেই দিনটো বাৰু কেতিয়া আহিব !! দল সংগঠনবোৰে বাৰে বাৰে দোহাৰি থকা সেই বিশেষ দিনটো !!!

যে পৰিস্থিতি ভয়াৱহ হ’ব হেনো !!

অসমৰ এমুঠি মান মাত্ৰ খিলঞ্জীয়াই এখন ঐক্যমঞ্চত ন্যাৰ্যৰ দাবীত যে থিয় হ’ব …… সেই দিন নাহে কোনোকালে ?

সম্প্ৰতি, অসমীয়া জাতিৰ ধ্বংসযজ্ঞ অব্যাহত !!

কিয়নো একবিংশৰ অসমীয়াই অহংকাৰ, এলাহ,অবোধ এৰাই চলাৰ কথা ভৱা নাই……

জাতিদ্ৰোহীৰ পৰিকল্পনা বুজি লৈ সেই লক্ষ্য নস্যাৎ কৰাৰ কথা বা তেওঁক মূল সূঁতিলৈ উভতাই আনিবৰ বাবে একে সময়তে প্ৰতিজন অসমীয়াই ৰাজনৈতিক জ্ঞান আহৰণ আৰু তাৰ সুষম চৰ্চা কৰাৰ পৰিৱেশ গঢ়ি তোলাৰ কথা কোনো কালেই ভৱা নাই……

ভূমিপুত্ৰই ইতিহাস অধ্যয়নৰ কথা এবাৰলৈও গুৰুত্ব সহকাৰে ভৱা নাই…

ভৱা নাই সেই কথা…… এই শতিকাতেই যে প্ৰযুক্তিৰ পৃথিৱীত নিজৰ নিপুণ হাতেৰে অসমৰ এখন ধুনীয়া ছৱি আঁকিব পাৰিবই লাগিব

ভৱা নাই…… সামাজিক চেতনাৰে সৰ্বকালৰ অৰ্থনৈতিক অৱৰোধ আঁতৰাই জাতিটোক নিজৰ মাটিত মূৰ তুলি থিয় কৰাই ৰখাৰ কথা…

এবাৰলৈ হ’লেও ভাৱি চোৱা হোৱা নাই যে শৃংখল আৰু চেতনামণ্ডিত জীৱনেৰে উত্তৰ আধুনিকতাবাদক আদৰাৰ কথা……

বহুবাৰ আৱেগৰ হাতত মন মগজু গুজি দি পৰিস্থিতি ভয়াবহ কৰি তোলা হ’ল ……

ফলাফল মোৰ গাওঁবোৰ বাৰম্বাৰ আঘাতপ্ৰাপ্ত হ’ল……চেনেহৰ চহৰ আৰু তাৰ মাটি… আমাৰ বাণিজ্য ভৱিষ্যত বন্ধকীত থোৱা হ’ল……

কবি আৰু গীতিকাৰৰ ডায়েৰীত বন্ধ সম্প্ৰতি জাতীয় জীৱনৰ ভৱিষ্যত পৰিকল্পনা

বেলি মাৰ যোৱা নাই ……সেয়েহে বোলো ভুৱা আৱেগৰ হাতত ৰাইফল তুলি দিয়াৰ প্ৰয়োজন নাই!সময়ো নহয় ! য’ত গণতন্ত্ৰই অৰ্থহীন!! য’ত ন্যায় ব্যবস্থা পুতৌজনক…… তাত গনতান্ত্ৰিক আন্দোলনৰ কোনো দাম নাই ……

প্ৰীতি এনাজৰীৰে শংকৰ আজানৰ জাতিটো বান্ধি …একবিংশৰ অসমীয়াই বিশ্বৰ ৰেহৰূপ চাই … কঠোৰ তপস্যাৰে জীৱন সাধনাত আগবঢ়া উচিত…

আৱেগ মানেই টো একুঁৰা জুই… নিজেই নজলিবি হেৰ’ একবিংশৰ অসমীয়া… ইতিহাসৰ পৰা যদি জ্ঞান ল’বই নাজান …

আহ !! কৌটিকলীয়া কৃষ্টিসমৃদ্ধ জাতিটো জ্বলাই ছাঁই কৰি দিওঁ !! কোনো কিন্তু যুদ্ধৰ পৰা নপলাবি … যে পাছত অকলে চৰ ভুকু কিল খাই জীয়াই থাকিবি আৰু যুগে যুগে নিৰ্লজ্জৰ দৰে নিজক অসমীয়া বুলি চিনাকি দিব পৰাকৈ এজাক মানুহ জীয়াই থাকি কি লাভ !! বিশ্বায়নৰ পৃথিৱীৰ পংগু অংগ হৈ……

তথাপি, বেলি মাৰ যোৱা নাই ! ……আশা কৰিম এই আৱেগে প্ৰতিজন অসমীয়াক জ্ঞান সাধনাত ব্ৰতী কৰোৱাব আৰু এদিন স্বজ্ঞানেৰে সুস্থ ৰাজনৈতিক বাতাবৰণৰ মাজত নিজৰ নিপুণ হাতেৰে দ্বাবিংশৰ অসমীয়াৰ বাবে একবিংশৰ অসম এখন গঢ়িব ।

আমি গঢ়িম । এই লক্ষ্য আৰু তাৰ মহান দ্বায়িত্ব যে এতিয়া আমাৰ কান্ধত।

এই উপলব্ধি বৰ অনুপম। বৰ অনুপম । বৰ অনুপম।।

Related Articles

Leave a Reply

Close