শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / আন্তঃৰাষ্ট্ৰীয় / পৰ্ণষ্টাৰ মিয়া খালিফাৰ শিৰচ্ছেদ কৰিব আইছিছে!

পৰ্ণষ্টাৰ মিয়া খালিফাৰ শিৰচ্ছেদ কৰিব আইছিছে!

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: পৰ্ণষ্টাৰ মিয়া খালিফাক হত্যা কৰাৰ ভাবুকি দিছে আইছিছে। যিকোনো মুহূৰ্ততে আইছিছে ৰাজহুৱা স্থানত মিয়া খালিফাক শিৰচ্ছেদ কৰিব পাৰে বুলি ভাবুকি দিয়া হৈছে।

 

প্ৰকৃততে মাইক্ৰ’ব্লগিং ছাইট টুইটাৰত প্ৰাক্তন পৰ্ণষ্টাৰগৰাকীৰ এখন ফটো পোষ্ট কৰাৰ পিছতে খলকনি সৃষ্টি হৈছে। ফটোখনত তেওঁক দেখা গৈছে কমলা ৰঙৰ পোছাকত। এজন আইছিছ উগ্ৰপন্থীয়ে ডিঙিত ধৰি আছে খালিফাক। কেইমুহূৰ্তমানৰ পিছতে হয়তো তেওঁৰ জীৱন শেষ। অসহায় অৱস্থাত মিয়া খালিফা। লিখা হৈছে  Coming soon @MiaKhalifa। 

এই ফটোখনৰ পিছতে স্বাভাৱিকতে বিতৰ্ক আৰু চৰ্চা চলিছে বিশ্বজুৰি। সঁচাকৈ একালৰ পৰ্ণ অভিনেত্ৰীগকাৰীক আইছিছে নৃশংসভাৱে হত্যা কৰিব নেকি?

ইতিমধ্যে  প্ৰাক্তন পৰ্ণষ্টাৰগৰাকীয়ে সংবাদ  মাধ্যমৰ আগত প্ৰকাশ কৰিছে  যে তেওঁক আইছিছে হত্যাৰ ভাবুকি দিছে। 

আইছিছৰ ভাবুকি লাভ কৰাৰ পিছত স্বাভাৱিকতেই শংকিত অভিনেত্ৰী মিয়া খালিফা। উল্লেখ্য যে হিজাব পৰিধান কৰি পৰ্ণ ভিডিঅ’ত অভিনয় কৰাৰ বাবে মধ্যপ্ৰাচ্যত মিয়া খালিফা এটা বিতৰ্কিত নাম। এনে অৱস্থাত ঈদৰ পূৰ্বে আইছিছে পৰ্ণ অভিনেত্ৰীগৰাকীক হত্যাৰ ভাবুকি দিয়া কাৰ্য অধিক চৰ্চিত হৈ পৰা দেখা গৈছে। 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*