অসম

ৰুদ্ৰাক্ষ’ত মুকলি এম বি এণ্টাৰপ্ৰাইজ

নিউজ ডেস্ক, প্ৰথম খবৰ: গুৱাহাটীৰ জি এছ ৰোডৰ ভঙাগড়ত থকা শ্বপিং ম’ল ৰুদ্ৰাক্ষত কালি এম বি এন্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক কেন্দ্রটো আনুষ্ঠানিকভাৱে মুকলি কৰে আৰ জে মেণ্ডীয়ে। অত্যাধুনিক শ্বপিং মলটোৰ দ্বিতীয় মহলাত মুকলি কৰা এম বি এণ্টাৰপ্ৰাইজত বিভিন্ন বেণ্ডৰ লেপটপ, ম’বাইল, আইফোন,ষ্টিল কেমেৰা আদি উপলব্ধ হ’ব।

উল্লেখ্য যে, এম বি এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী দিগন্ত ( বাবলু)বৰমুদৈ, মৌচুমী শইকীয়া বৰমুদৈৰ ঘৰ গহপুৰৰ ২নং ৱাৰ্ডত। অৱসৰপ্ৰাপ্ত ফাৰ্মাচীষ্ট হিৰণ বৰমুদৈ আৰু সৰৱৰহী মহিলা পূৰ্ণ্যপ্ৰভা বৰমুদৈৰ কনিষ্ঠ পুত্ৰ দিগন্ত বৰমুদৈ গহপুৰ মহকুমাৰ এগৰাকী উদীয়মান যুৱ ব্যৱসায়ী।

তেওঁৰ জ্যেষ্ঠ ভাতৃ তথা গহপুৰ ব্যৱসায় সন্থাৰ সম্পাদক অশ্বিনী বৰমুদৈ গহপুৰৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত।

Related Articles

Leave a Reply

Close